জখলাবন্ধা : জখলাবন্ধাত জব্দ গৰু ভৰ্তি বাহন। জখলাবন্ধাত আৰক্ষীয়ে জব্দ কৰিলে এখন গৰু ভৰ্তি বাহন। বাহনখনৰ পৰা উদ্ধাৰ ১১ টাকৈ গৰু।
ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ। শুকুৰবাৰে নিশা পুনৰ জব্দ হৈছে চোৰাং গৰু। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে জখলাবন্ধাত এখন গৰু ভৰ্তি বাহন জব্দ কৰে।
লগতে পঢ়ক – টীয়কৰ ঘৰফলীয়া প্ৰাথমিক বিদ্যালয়ত মুখ্য সচিব জিষ্ণু বৰুৱা
এএছ-০২-বিচি-৫৬১৫ নম্বৰৰ এখন গৰু ভৰ্তি বলেৰ পিক আপ বাহন জব্দ কৰে আৰক্ষীয়ে। বাহনখনৰ পৰা আৰক্ষীয়ে ১১ টাকৈ গৰু উদ্ধাৰ কৰে। অৱশ্যে বাহন এৰি গৰু সৰবৰাহকাৰী পলায়ন কৰিবলৈ সক্ষম হয়।