ধুবুৰী : ধুবুৰী আৰক্ষীৰ জালত গব্বৰ সিঙ। বালাজানত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে গব্বৰ সিঙক। অবৈধ গৰু ব্যৱসায়ৰ লগত জড়িত আছিল ছামচুল হক ওৰফে গব্বৰ সিঙ।

ধুবুৰী আৰক্ষীয়ে এজন কুখ্যাত গো-মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। শুকুৰবাৰে নিশা ধুবুৰী আৰক্ষীৰ এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই কুখ্যাত গো-মাফিয়া ছামচুল হক ওৰফে গব্বৰ সিঙক গ্ৰেপ্তাৰ কৰে।

ধুবুৰী জিলাৰ বালাজান অঞ্চলৰ পৰা বাংলাদেশলৈ চোৰাংকৈ গো-সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় গো-মাফিয়াজনক। এক সংবাদমেলত জিলা আৰক্ষী অধীক্ষক অভিজিত গুৰাৱে কয় যে ছামচুল হক ওৰফে গব্বৰ সিং নামৰ গো-মাফিয়াজন পূৰ্বেও আৰক্ষীৰ জালত পৰিছিল।

লগতে পঢ়ক –  এনডিএফবিৰ মুৰব্বী ৰঞ্জন দৈমাৰীক ১৯৯২ৰ হত্যাকাণ্ডৰ লগত জড়িত গোচৰত নিৰ্দোষী ঘোষণা

ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত মধুশোলমাৰী অঞ্চলৰ বাসিন্দা ছামচুল হক বৰ্তমানেও গৰু সৰবৰাহৰ লগত জড়িত হৈ আছে। গো-মাফিয়াজন বহু অবৈধ কামকাজৰ সৈতে জড়িত থকাৰ তথ্যও আৰক্ষীয়ে লাভ কৰা বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক গৰকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply