নিউজ ডেস্কঃ চিবিআইয়ে সুৰা নীতিৰ গোচৰৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জাননী জাৰি কৰিছে। সংস্থাটোৱে কেজৰিৱালক ১৬ এপ্ৰিলৰ পুৱা ১১ বজাত চিবিআই কাৰ্যালয়লৈ মাতি পঠিয়াইছে।

জাননী পোৱাৰ পিছত, আম আদমী পাৰ্টিৰ সাংসদ সঞ্জয় সিঙে এখন সংবাদমেল অনুষ্ঠিত কৰি কয় যে, “কেন্দ্ৰীয় চৰকাৰে অৰবিন্দ কেজৰিৱালক কাৰাগাৰত ৰখাৰ ষড়যন্ত্ৰ কৰিছে, কিন্তু আমি ভয় নাখাও। কেজৰিৱালে ১৩ দিন অনশন কৰি দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিছিল। প্ৰধানমন্ত্ৰী মহোদয়, আপুনি আপোনাৰ বন্ধুৰ সৈতে কৰা লাখ কোটি টকাৰ কেলেংকাৰী দেশক জনোৱাটো প্ৰয়োজনীয়।“

উল্লেখযোগ্য যে, দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া সুৰা নীতি গোচৰটোত ইডিৰ জিম্মাত আছে। আঠ ঘণ্টাৰ সোধা-পোছাৰ পিছত ২৬ ফেব্ৰুৱাৰীত চিবিআইয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। ৬ মাৰ্চত আদালতে চিছোদিয়াক তিহাৰ কাৰাগাৰত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। শেহতীয়া শুনানিত, আদালতে চিছোদিয়াৰ জিম্মা ১৭ এপ্ৰিললৈ বৃদ্ধি কৰিছিল। আদালতে ১৮ এপ্ৰিলত চিছোদিয়াৰ জামিন আবেদনৰ শুনানি ল’ব।

লগতে পঢ়ক – সহকৰ্মী মন্ত্ৰী থিৰু এল মুৰুগানৰ বাসগৃহত প্ৰধানমন্ত্ৰী মোদীৰ তামিল নৱবৰ্ষ উদযাপনত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply