নিউজ ডেস্ক: আজি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (CBSC) দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল মাহত অনুষ্ঠিত হোৱা পৰীক্ষাত এই বৰ্ষত প্ৰায় ১৭ লাখ শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। এইবাৰ পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৮৭.৩৩ শতাংশ। বিগত বৰ্ষত CBSE দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৯২.৭১ শতাংশ আছিল। বিগত বৰ্ষৰ তুলনাত এইবাৰ উত্তীৰ্ণৰ হাৰ ৫.৩৮ শতাংশ হ্ৰাস পাইছে।
CBSE দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত থিৰুৱন্তপুৰমে সৰ্বাধিক উত্তীৰ্ণৰ হাৰ ৯৯.৯১ শতাংশ নথিভুক্ত কৰিছে। ৯৮.৬৪ শতাংশ উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত বেংগালুৰু , ৯৭.৪০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থানত চেন্নাই আৰু ৯৩.২৪ শতাংশ উত্তীৰ্ণৰ হাৰেৰে চতুৰ্থ স্থানত পশ্চিম দিল্লী আছে। আনহাতে, ৮৩.৭৩ শতাংশ উত্তীৰ্ণৰ হাৰেৰে গুৱাহাটী দ্বাদশ স্থানত আছে।
এইবাৰ CBSE দ্বাদশ শ্ৰেণীৰ ফলাফলত ছোৱালীবোৰে ল’ৰাবোৰতকৈ উন্নত প্ৰদৰ্শন কৰিছে। ছোৱালীৰ উত্তীৰ্ণৰ হাৰ ল’ৰাতকৈ ৬.০১ শতাংশ অধিক।
চিবিএছই(CBSE) পৰীক্ষা নিয়ন্ত্ৰক সনয়ম ভৰদ্বাজ কয়, যদি কোনো ছাত্ৰই ৫ৰ ভিতৰত এটা বিষয়ত ৩৩%তকৈ কম নম্বৰ লাভ কৰে তেন্তে জুলাই মাহত অনুষ্ঠিত হ’বলগীয়া কম্পাৰ্টমেণ্ট পৰীক্ষাত ক্লিয়াৰ কৰিব লাগিব।