নিউজ ডেস্ক: ৮ জুনত মহানগৰীৰ গণেশগুৰিত সংঘটিত হৈছিল এক শোকাৱহ পথ দুৰ্ঘটনা। এই শোকাবহ দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই।
অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ এক অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “CCTV ফুটেজ চাই দুটা ভুল অনুমান হয়। প্ৰথমতে ভুল দিশত স্কুটীখনে অভাৰটেক কৰিব বিচাৰিছিল, দ্বিতীয়তে গাঁত থকাটো স্পষ্ট হৈছে”।
লগতে তেওঁ কয়, “ৰাজপথত গাঁতসমূহ কিয় আছে তাক লৈ জিলা উপায়ুক্তক ইতিমধ্যে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে। লগতে যান-বাহন আৰক্ষীকো ভুল দিশেৰে যান-বাহন চলোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ কোৱা হৈছে”।