নিউজ ডেস্ক: কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীৰ উপস্থিতিত দেওবাৰে ১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ ডিব্ৰুগড়ৰ জিলা পুথিভঁৰালত মোডী চৰকাৰৰ ৯ বছৰীয়া বৰ্ষপূতি উদযাপন কৰা হয়। এই “বিশেষ অভিযানৰ” দ্বাৰা আয়োজন কৰা অনুষ্ঠানটিত বিভিন্ন ধৰণৰ জনহিতৈষী কাৰ্যক্ৰম হাতত লোৱা হয়।

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰদান কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিসমূহ যেনে- ই- শ্ৰমিক কাৰ্ড, ৰেচন কাৰ্ড , সামাজ কল্যাণ বিভাগৰ তৰফৰ পৰা গৰ্ভৱতী মহিলাক আৰ্থিক সাহায্য , মুদ্ৰা লোনৰ চেক্ বিতৰণ , প্ৰধানমন্ত্ৰী আৱাস যোঁজনাৰ অনুমোদিত পত্ৰ , হিতাধিকাৰীক আয়ুসমান কাৰ্ড আদি বিতৰণ কৰা হয়।

ইয়াৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ১০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হয়। তাৰোপৰি সমাজ গঠনত বিশেষ ভূমিকা গ্ৰহণ কৰা ডিব্ৰুগড় সমষ্টিৰ বহুকেইজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনাও জ্ঞাপন কৰা হয়।

উক্ত এই বিশেষ অভিযানৰ অংশ হ’বলৈ পাই কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী অতি গৌৰৱ অনুভৱ কৰাৰ লগতে অতিশয় আনন্দিত হৈছোঁ বুলি জনাই।

উক্ত অনুষ্ঠানত মোৰ ৰামেশ্বৰ তেলীৰ উপৰিও ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, পৌৰসভাৰ পৌৰপতি চৈকত পাত্ৰ, ৰাজ্যিক বিজেপিৰ সম্পাদক মানস ডেকা, ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্য্যকৰ্তাসকল আৰু ডিব্ৰুগড় জিলাৰ গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।

লগতে পঢ়ক – আজিৰে পৰা ৩ দিনীয়াকৈ তিনিচুকীয়াত তৃতীয় উপায়ুক্ত সন্মিলন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply