নিউজ ডেস্ক-  উত্তৰ-পূব ভাৰতকে ধৰি দেশৰ বিভিন্ন প্ৰান্ত বৰষুণৰ ফলত বিপর্যস্ত হৈ পৰিছে। বিভিন্ন ঠাইত বহু ৰাজ্য এতিয়া বানৰ কবলত।  

কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ বাবে ৰাজ্যিক দুৰ্যোগ প্রশমন পুঁজি (এছ ডি আৰ এফ)ৰ অধীনত সৰ্বমুঠ ৭,৫৩২ কোটি টকা মোকলাই দিয়ে। অসমলৈ শেহতীয়াকৈ বানবিধ্বস্ত অসমলৈ ৩৪০,৪০ কোটি টকা টকা মোকলাই দিয়া হৈছিল।

জানিব পৰা মতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰামৰ্শমৰ্মে কেন্দ্ৰীয় বিত্ত মন্ত্রালয়ে এই ধনৰাশি মুকলাই দিয়ে।

বিত্ত মন্ত্ৰালয়ৰ পৰা লাভ কৰা তথ্য মতে, প্ৰবল বৰষুণত ক্ষতিগ্ৰস্ত ৰাজ্য হিচাপে কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে মুঠ ২২খন ৰাজ্যক এছ ডি আৰ এফ শিতানৰ পৰা ধন মোকলাই দিয়াৰ বাবে পৰামৰ্শ দিয়া হৈছিল।

উল্লেখ্য যে, উক্ত পৰামৰ্শমৰ্মে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য হিচাপে অৰুণাচল প্ৰদেশলৈ ১১০.৪০ কোটি, মণিপুৰলৈ ১৮.৮০ কোটি, মেঘালয়লৈ ২৭.২০ কোটি, মিজোৰামলৈ ২০.৮০ আৰু ত্ৰিপুৰালৈ ৩০.৪০ কোটি টকা মোকলাই দিয়া হয়। আনহাতে, দেশৰ ৰাজ্যসমূহলৈ  পঞ্চদশ বিত্তীয় আয়োগে এছ ডি আৰ এফ শিতানত ২০২১-২২ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ মুঠ ১,২৮,১২২.৪০ কোটি টকা প্ৰদানৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল। ইয়াৰ ভিতৰত চলিত বিত্তীয় বৰ্ষলৈকে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ক্ষতিগ্ৰস্ত ৰাজ্যসমূহক ৯৮,০৮০.৮০ কোটি টকা প্ৰদান কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply