নিউজ ডেস্ক- কেন্দ্ৰীয় চৰকাৰে ১৪টা ফিক্সড ড’জ কম্বিনেশ্যনৰ (এফ ডি চি) দৰব নিষিদ্ধ কৰিছে। কেন্দ্ৰীয় চৰকাৰে মানুহৰ বাবে বিপদৰ আশংকা থকাৰ বাবে তথা ‘চিকিৎসাভিত্তিক প্রমাণ’ নথকাৰ বাবে এইবোৰ নিষিদ্ধ কৰা হৈছে বুলি এখন জাননীত জনাইছে।
এফ ডি চি দৰববোৰ হৈছে এটা নিৰ্দিষ্ট অনুপাতত দুটা বা ততোধিক এক্টিভ ফার্মাচিউটিকেল ইনগ্রেডিয়েন্ট (এ পি আই) থকা দৰব।
জানিব পৰা মতে, এখন বিশেষজ্ঞ সমিতিয়ে অনুমোদন জনোৱাৰ পাছতে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰে।
চৰকাৰে নিষিদ্ধ কৰা ১৪টা এফ ডি চি দৰবৰ হৈছে সাধাৰণ সংক্ৰমণ, কাহ আৰু জ্বৰত ব্যৱহাৰ কৰা দৰব যেনে নিমেছুলাইড-পেৰাচিটামল টেবলেট, ক্ল’ফেনিৰামিন মালিয়েট-কডেইন চিৰাপ, ফ’লকডিন, প্রমেথাজিন, এমক্সিলিন, ব্ৰ’মহেক্সিন আৰু ব্ৰ’মহেক্সিন ডেক্সট্ৰ’মেথ’ৰফান, এমনিয়াম ক্লাইড, মেন্থল, ব্ৰ ‘মহেক্সিন আৰু ফিনাইলেক্ট্ৰিনৰ সৈতে পেৰাচিটামল, ক্ল’ৰফেনিৰামিন, গুৱাইফেনেছিন আৰু ছেলবুটামল ব্ৰ’মহেক্সিন।
উল্লেখ্য যে, বিগত ২০১৬ চনত এই বিশেষজ্ঞ সমিতিৰ অনুমোদন মতেই চৰকাৰে ৩৪৪টা দৰবৰ বিক্ৰী আৰু তৈয়াৰ কৰা নিষিদ্ধ কৰিছিল। বর্তমান নিষিদ্ধ কৰা ১৪টা এফ ডি চি তেতিয়াৰ ৩৪৪টা দৰবৰ ভিতৰতে আছিল।