নিউজ ডেস্ক: কেন্দ্ৰীয় চৰকাৰে আনিবলৈ গৈ আছে এক নতুন বিধেয়ক । ‘জনবিশ্বাস’ নামৰ এই বিধেয়কৰ জৰিয়তে মুঠ ৪২খন আইন সংশোধন কৰিব বিচাৰিছে। এই বিধেয়কখনত কোৱা হৈছে যে চৰকাৰে দেশৰ জনসাধাৰণৰ ওপৰত নিৰ্ভৰ কৰি সৰু-সুৰা অপৰাধৰ কাৰাদণ্ডৰ ব্যৱস্থা আঁতৰাব বিচাৰিছে। কিন্তু এই পৰিস্থিতিত শাস্তিৰ বাবে জৰিমনা বিধান ৰখা হয় যাতে অপৰাধীয়ে পুনৰ অপৰাধ সংঘটিত নকৰে।

জনবিশ্বাস বিধেয়কখন যোৱা বছৰ সংসদত দাখিল কৰা হৈছিল যদিও পিছত বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হয়।
কিন্তু সংসদীয় সমিতিৰ বহু সদস্যই এই ‘জনবিশ্বাস’ বিধেয়কখনৰ বিৰোধিতা কৰে। এনে পৰিস্থিতিত পুনৰ সংশোধন কৰা হৈছে ‘জনবিশ্বাস’ বিধেয়ক। শেহতীয়াকৈ ইয়াক কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন জনাইছে।

অৱশ্যে ইয়াৰ ওপৰত বিৰোধীৰ আপত্তি আছে। তেওঁলোকৰ মতে কাৰাগাৰৰ ব্যৱস্থা আঁতৰাই দিলে অপৰাধীৰ মাজত কোনো ভয় নাথাকিব। ইফালে চৰকাৰে কয় যে যুটীয়া সংসদীয় সমিতিৰ মতামত লৈ ‘জনবিশ্বাস’ বিধেয়কখন সংশোধন কৰা হৈছে। সংসদত দাখিল কৰা হ’ব সংশোধিত বিধেয়কখন।

লগতে পঢ়ক: চাউলৰ ৰপ্তানি বন্ধ কৰিব পাৰে চৰকাৰে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply