নিউজ ডেস্ক : সাধাৰণতে টেষ্ট ক্ৰিকেট মেচত নিজৰ বলিংৰ প্ৰদৰ্শনেৰে মেচ জয় কৰিবলৈ সক্ষম হোৱাৰ বাবে পৰিচিত ভাৰতীয় ক্ৰিকেট দলৰ সদস্য অক্ষৰ পেটেলে দেওবাৰে নিজৰ বেটিং প্ৰদর্শনেৰে ভাৰতক জয় কৰিবলৈ সক্ষম হয়। ভাৰতীয় অলৰাউণ্ডাৰ গৰাকীয়ে ৩৫ টা বলত অপৰাজিত ৬৪ ৰান সংগ্ৰহ কৰি শেষৰ অভাৰৰ চতুৰ্থ বলত ছয় কোবাই ভাৰতক বিজয়ী কৰে।

বেষ্ট ইণ্ডিজে ভাৰতৰ সন্মুখত বান্ধি দিয়া ৩১২ ৰাণৰ বিশাল লক্ষ্যত উপনীত হ’বলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে অক্ষৰ পেটেলে। এই লক্ষ্যত উপনীত হোৱাৰ পিছতে ভাৰতে বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাত ২-০ অগ্ৰগতি লাভ কৰিছে। এই মেচখনৰ জয়ৰ পিছতে ব’ৰ্ড অৱ কণ্ট্ৰ’ল ফৰ ক্ৰিকেট ইন ইণ্ডিয়াৰ (বিচিচিআই) ৱেবছাইটত স্পিনাৰ ইউজৱেন্দ্ৰ চাহালৰ ‘চাহাল টিভি’ ছিৰিজ ভিডিঅ’ত মেচখনৰ পিছত অক্ষৰ পেটেল আৰু ৯ নম্বৰত খেলা আৱেশ খানৰ সৈতে যথেষ্ট হাস্যকৰ মত বিনিময় হৈছিল।

চাহালে কথা-বতৰাৰ আৰম্ভণিতে অক্ষৰ পেটেলও সুধিলে: “মেন অৱ দ্য মেচ, মিলা ক্যা (মেন অৱ দ্য মেচ পাইছানে)?”। অক্ষৰ পেটেলে ইয়াৰ উত্তৰ, “প্লেয়াৰ অৱ দ্য মেচ মিলা (প্লেয়াৰ অৱ দ্য মেচৰ বঁটা পাইছে)” বুলি দিয়ে।অক্ষৰ পেটেলে লগতে কয়, ‘যেতিয়া মই আৰু দীপক ৩৯ নং অভাৰত উপনীত হৈছিলো মই কৈছিলোঁ যে মাত্ৰ ১১ অভাৰ বাকী আছে আৰু আমি প্ৰায় ১০৫ ৰান কৰিব লাগিব। গতিকে আমি হয়তো ৯.৫ বা ১০ ৰাণ ৰেটত যাব লাগিব। এইটো সাধাৰণতে আই পি এলত হয় গতিকে আমি খেলি যাম, আমি বেছি নাভাবো। মাত্ৰ প্ৰতিটো অভাৰতে এটা চান্স লম আৰু সেইটোৱেই যথেষ্ট হ’ব”।

লগতে পঢ়ক –  How To: জানক কিদৰে সহজে আপোনাৰ Aadhaarৰ বৈধতা পৰীক্ষা কৰিব

“আৱেশ ভাইয়াই তেওঁৰ মগজু ব্যৱহাৰ কৰিছিল আৰু তেওঁ কৈছিল, সকলো বলাৰেই নিজৰ ১০ অভাৰ শেষ কৰিলে অৰ্থাৎ হয়তো এজন পাৰ্ট টাইম বলাৰে শেষ অভাৰটোত বলিং কৰিব লাগিব। গতিকে মই ৪৯ নং অভাৰৰ পূৰ্বে বেছি ৰিস্ক নল’বলৈ ভাবিলোঁ।” বুলিও অক্ষৰ পেটেলে কয়। কাইল মেয়াৰ্ছে শেষ অভাৰটো বলিং কৰাৰ লগতে ভাৰতক জয়ী হ’বলৈ ৮ ৰানৰ প্ৰয়োজন আছিল। অক্ষৰ পেটেলে আৰু মহম্মদ ছিৰাজে দ্বিতীয় আৰু তৃতীয় বলৰ পৰা চিংগল ল’বলৈ সক্ষম হয় আৰু তাৰ পিছত অক্ষৰ পেটেলে ছায় কোবাই মেচখনত বিজয়ী হৈ মেচখন সমাপ্ত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply