গুৱাহাটী : বিগত বৰ্ষ সমুহৰ দৰে চলচ্ছিত্ৰম নামৰ সংস্থাটোৱে আয়োজন কৰি অহা চলচ্ছিত্ৰম নেচনেল ফিল্ম ফেষ্টিভেল এই বেলি অহা ১০ আৰু ১১ ছেপ্টেম্বত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব৷ গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সভাত এই কথা ঘোষণা কৰে চলচ্ছিত্ৰমৰ সভাপতি উৎপল দত্তই৷ অসমৰ চিত্ৰজগতৰ ভালেমান বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এইবাৰৰ মহোৎসৱৰ প্ৰতীকপট নেফটাৰ সভাপতি ৰাজেন ৰাজখোৱা আৰু সাংস্কৃতিক সাংবাদিক সন্থাৰ সম্পাদক শিবানু বৰাই উন্মোচন কৰি মহোৎসৱৰ দিন ঘোষণা কৰে৷

উল্লেখ্য যে ২০১৭ চনৰ পৰা প্ৰতিবছৰে চলচ্ছিত্ৰমে মহোৎসৱ মাৰ্চ মাহত অনুষ্ঠিত কৰি আহিছিল যদিও যোৱা বছৰ ক’ভিড পৰিস্থিতিৰ বাবে মহোৎসৱ আগষ্ট মাহত অনলাইন যোগে অনুষ্ঠিত কৰা হৈছিল৷ ভাৰতৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈ থকা চলচ্ছিত্ৰ মহোৎসৱৰ সময়ৰ লগত সংগতি ৰাখি এই বছৰৰ পৰা এই মহোৎসৱ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰা হ’ব বুলি সভাপতি উৎপল দত্তই জানিবলৈ দিয়ে৷ এইবাৰৰ মহোৎসৱত ভাৰতৰ বিভিন্ন ঠাইৰ চিত্ৰনিৰ্মাতা আৰু লেখকৰ লগতে প্ৰসিদ্ধ চলচ্ছিত্ৰ অভিনেত্ৰী ৰূপা গাংগুলীয়ে অংশগ্ৰহণ কৰাৰ কথা৷

প্ৰতিবছৰে কৰি অহাৰ দৰে এই বছৰো চুটি ছবিৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ এই প্ৰতিযোগিতাৰ মূল বিষয় ‘আমাৰ ঐতিহ্য আমাৰ গৌৰৱ’ৰ আধাৰত ভাৰতীয় কলা-সংস্কৃতি, পৰম্পৰা, নাৰী, দেশপ্ৰেম, ডিজিটেল পৃথিবী, উন্নয়ণ, পৰিৱেশ, মানুহ আৰু প্ৰকৃতি আৰু ভাৰতীয় পৰিয়াল বিষয়ক চুটি কাহিনী ছবি, তথ্যচিত্ৰ আৰু এনিমচেন ছবিয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব৷ অসমীয়া ভাষাত চলচ্ছিত্ৰ চৰ্চা বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখি এইবাৰ চলচ্ছিত্ৰ বিষয়ক গ্ৰন্থ, ৰচনা, ৰেডিঅ’ অনুষ্ঠান, টেলিভিচন অনুষ্ঠান আৰু ইউটিউব জাতীয় প্লেটফৰ্মত প্ৰকাশিত ভিডিঅ’ৰ এটা প্ৰতিযোগিতাৰ আৰম্ভণি কৰা হৈছে৷

মহোৎসৱৰ আদৰ্শৰ লগত মিল থকা চুটি আৰু পূৰ্ণ দৈৰ্ঘৰ ছবিও প্ৰদৰ্শনৰ বাবে প্ৰেৰণ কৰাৰ ব্যবস্থা থকাৰ কথা আয়োজক সকলে জানিবলৈ দিয়ে৷ প্ৰতিযোগিতাৰ সকলো তথ্যৰ বাবে চলচ্ছিত্ৰমৰ ৱেবচাইট ‘চলচ্ছিত্ৰম ডট ইন’ত চাব পাৰিব৷ উক্ত প্ৰতিযোগিতাত অংশগ্রহণ কৰাৰ বাবে চলচ্ছিত্ৰমে কেতবোৰ নিয়মাবলী সন্নিবিষ্ট কৰিছে। সেই অনুযায়ী ২০২০ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ২০২২ চনৰ ৩১ আগষ্টৰ ভিতৰত নিৰ্মিত ছবিয়ে এই মহোৎসৱত অংশগ্ৰহণ কৰিব পাৰিব৷ ছবিৰ মূল বিষয় আমাৰ ঐতিহ্য আমাৰ পৰম্পৰা৷ উপ-বিষয় ভাৰতীয় কলা-সংস্কৃতি, পৰম্পৰা, নাৰী, দেশপ্ৰেম, ডিজিটেল পৃথিবী, উন্নয়ণ, পৰিৱেশ, মানুহ আৰু প্ৰকৃতি আৰু ভাৰতীয় পৰিয়াল৷

লগতে পঢ়ক – বিদ্যুৎ বিভাগৰ বিৰুদ্ধে মানকাচৰত উত্তাল প্ৰতিবাদ

ছবিসমূহ দুটা ভাগত প্ৰদৰ্শন কৰা হ’ব, ক. প্ৰতিযোগিতা, খ. মুকলি প্ৰদৰ্শন৷ প্ৰতিযোগিতা কেৱল চুটি ছবিৰ তথ্যচিত্ৰ, কাহিনী চিত্ৰ, এনিমেচন মাজতহে অনুষ্ঠিত হ’ব বুলি আজি সংবাদ মেলত ঘোষণা কৰা হৈছে। প্ৰতিযোগিতা কেৱল উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখনৰ মাজত সীমাবদ্ধ থাকিব যদিও মুকলি প্ৰদৰ্শনৰ বাবে ছবি দেশৰ যিকোনো ঠাই আৰু বিদেশৰ পৰাও পঠিয়াব পাৰিব৷ তদুপৰি, ২০২০ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ২০২২ চনৰ ৩১ আগষ্টৰ ভিতৰত প্ৰকাশিত অসমীয়া চিনেমা বিষয়ক অসমীয়া ভাষাত লিখিত গ্ৰন্থ, বাতৰি কাকত-আলোচনী, ৱেব মেগাজিনত প্ৰকাশিত প্ৰবন্ধ, ছবি আৰু চিনেমা বিষয়ৰ অডিঅ’-ভিডিঅ’ অনুষ্ঠান পঠিওৱাৰ অন্তিম তাৰিখ ২ ছেপ্টেম্বৰ৷ প্ৰতিযোগিতাৰ বাবে গ্ৰন্থ এখনৰ লগতে লিখনি কমেও ছয়টা পঠাব লাগিব বুলিও উদ্যোক্তা সকলে জানিবলৈ দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Join the Conversation

1 Comment

  1. ধন্যবাদ, অামাৰ মহোৎসৱৰ প্ৰচাৰৰ ক্ষেত্ৰত কৰা এই সহযোগিতাই অামাক উৎসাহ দিছে ৷ ভবিষ্যতেও একেই সহায় পাম বুলি অাশা ৰাখিলোঁ ৷

Leave a comment

Leave a Reply