গুৱাহাটী : ড্ৰাগছ মুক্ত অসমৰ লক্ষ্য আগত ৰাখি অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত আৰক্ষীয়ে ড্ৰাগছ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।
চান্দমাৰী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। চান্দমাৰী আৰক্ষীৰ অভিযানত মহিলাসহ জালত পৰিছে তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী। মহানগৰীৰ গান্ধীবস্তি আৰু ভাস্কৰনগত অভিযান চলাই চান্দমাৰী আৰক্ষীয়ে এই সাফল্য লাভ কৰে।
লগতে পঢ়ক – ঢকুৱাখনাত কোলাত কেঁচুৱা, হাতত বাঁহ লৈ গাঁৱৰ মহিলাই সাজি উলিয়ালে দলং
ধৃত ড্ৰাগছ সৰবৰাহকাৰী তিনিজন ক্ৰমে অনুফা বেগম, গৌতম শৰ্মা আৰু ছাদ্দাম হুছেইন বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী তিনিজনকৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী তিনিজনক জেৰা অব্যাহত ৰাখিছে।