নিউজ ডেস্ক- গ্ৰুপ কেপ্তেইন কপিল শৰ্মাই ৫জুনত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত গ্ৰুপ কেপ্তেইন কে এছ গণেশৰ পৰা বায়ুসেনা ষ্টেচন ফৰিদাবাদৰ কমাণ্ড হিচাপে দায়িত্ব গ্ৰহণ কৰে।

গ্ৰুপ কেপ্তেইন কপিল শৰ্মাই ১৯৯৭ চনৰ ডিচেম্বৰ মাহত ভাৰতীয় বায়ুসেনাৰ লজিষ্টিক শাখাত কমিচন লাভ কৰিছিল।তেওঁ ষ্ট্ৰেটেজিক মেনেজমেণ্ট আৰু ডিফেন্স এক্ভিজিচন মেনেজমেণ্টৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছে। ছেকেণ্ডৰাবাদৰ কলেজ অৱ ডিফেন্স মেনেজমেণ্টৰ হাইয়াৰ ডিফেন্স মেনেজমেণ্ট পাঠ্যক্ৰমতো অংশগ্ৰহণ কৰিছে। মেধাৱী সেৱাৰ বাবে তেওঁক এয়াৰ অফিচাৰ কমাণ্ডিং ইন চিফ আৰু চীফ অৱ এয়াৰ ষ্টাফে প্ৰশংসা কৰিছে।

বায়ুসেনা ষ্টেচন ফৰিদাবাদ পশ্চিম বায়ু কমাণ্ডৰ বাবে এটা গুৰুত্বপূৰ্ণ লজিষ্টিক হাব। ই আই এ এফৰ বিভিন্ন ইউনিটক মূল্যৱান লজিষ্টিক সহায় প্ৰদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply