নিউজ ডেস্কঃ  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে ১৬ জনীয়া মন্ত্ৰীসভাত কৰিবলৈ বিচাৰিছে সমান্য ৰদ-বদল। ১৬ জনীয়া মন্ত্ৰী সভাৰ ভিতৰত কেৱল যোগেন মহন আৰু নন্দিতা গাৰ্লোছৰৰ দপ্তৰহে হে সামান্য সাল-সলনি কৰিবলৈ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। যাৰ বাবে মুখ্যমন্ত্ৰীয়ে অনুমোদন বিচাৰি প্ৰেৰণ কৰিছে তালিকা।  

শক্তি, সমবায়, খনি-খনিজাত দ্রব্য বিভাগ, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস তথা সংস্কৃতি (পুথিভঁৰাল আৰু সংগ্ৰহালয় সঞ্চালকালয়ৰ বাহিৰে) বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পৰা খনি-খনিজাত দ্রব্য বিভাগ কৰ্তন কৰি অতিৰিক্তভাৱে ক্ৰীড়া, যুৱ কল্যাণ আৰু আর্কিঅ’লজি সঞ্চালকালয়ৰ দায়িত্ব প্ৰদান কৰিবলৈ বিচাৰিছে।  

আনহাতে, ৰাজহ-দুর্যোগ ব্যৱস্থাপনা বিভাগ আৰু পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহনক অতিৰিক্তভাৱে খনি-খনিজাত বিভাগৰ দায়িত্ব দিব খোজা হৈছে।

ইয়াৰোপৰি, ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰলৈ অনুমোদনৰ বাবে প্ৰেৰিত তালিকাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ (পুথিভঁৰাল সঞ্চালকালয়, সংগ্রহালয় সঞ্চালকালয় আৰু আৰ্কিত ‘লজি সঞ্চালকালয় বাদে) দায়িত্ব মুখ্যমন্ত্ৰীয়ে নিজৰ হাতলৈ আনিছে।

লগতে পঢ়ক – এতিয়াৰে পৰা সংবাদ মাধ্যমত মন্তব্য কৰিব নোৱাৰিব আনন্দ মিশ্ৰই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply