নিউজ ডেস্ক: তিনিদিনীয়াকৈ শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা ৩০ সংখ্যক অসম একুৱেটিক চেম্পিয়নশ্বিপৰ বাবে চৰাইদেউ জিলা সাঁতোৰ দলটোৰ নাম ঘোষণা কৰিছে । প্ৰতিযোগিতাখন গুৱাহাটীৰ সৰুসজাইৰ জাকিৰ হুছেই একুৱেটিক কমপ্লেক্সত অনুষ্ঠিত হ’ব।
অসম সাঁতোৰ সন্থাৰ উদ্যোগত হ’ব লগা উত্ত প্রতিযোগিতাৰ বাবে ঘোষণা কৰা দলটোৰ খেলুৱৈসকল হ’ল আৰোহণ ফুকন, শাশ্বত কোঁৱৰ, তন্ময় গোহাঁই, অদ্ৰৰিক ওৱেলছন টেং, কৃষ্ণালয় কমল বৰা, অনৱত হাজৰিকা, নিবিড় নিলয় বৰগোহাঁই, জয়ৰাদিত্য বৰগোহাঁই, অয়ন মহন, কস্তুৰী কোঁৱৰ আৰু আয়েত্রী পি বৰা।
উল্লেখ্য যে আজিৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ শুভাৰম্ব কৰে নিখিল ভাৰত সাঁতোৰ সন্থাৰ উপ সভাপতি তথা অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে । পুৱা ৮ বজাত বন্তি প্ৰজলনেৰে প্ৰতিযোগিতা আৰম্ভ কৰা হয়।
অসমৰ সকলো জিলাৰ ৫০০ৰো অধিক খেলুৱৈৰ উপস্থিতিত অসম সাঁতোৰ সন্থাৰ পতাকাও উত্তোলন কৰা হয়। সন্ধিয়া ৭ বজাত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোছাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব অনুষ্ঠানটি।
ছাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত আয়োজন কৰা হৈছে এই প্ৰতিযোগিতা। প্ৰায় ৫২০ গৰাকী প্ৰতিযোগীয়ে ১৪৪টা ইভেণ্টত অংশগ্ৰহণ কৰিছে য’ত ডাইভিং আৰু ৱাটাৰ প’ল’ প্ৰতিযোগিতাও থাকিব।
লগতে পঢ়ক: ২০জুলাইত গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ সভা