নিউজ ডেস্ক : চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ মন জিলা অ’টিঙত বিগত বছৰৰ চাৰি ডিচেম্বৰত গাঁওবাসীৰ ওপৰত সেনাৰ গুলীচালনা ঘটনা সন্দৰ্ভত নগালেণ্ডৰ আৰক্ষীয়ে চাৰ্জশ্বীত দাখিল কৰিছে। জানিব পৰা মতে অভিযোগনামাখনত ৩০ জন সৈনিকৰ নাম উল্লেখ কৰা হৈছে। এই সকলৰ ভিতৰত এজন সেনা বিষয়া আৰু ২৯ জন সেনা জোৱানৰ নাম উল্লেখ কৰা হৈছে। উল্লেখ্য যে, যোৱা বছৰ চাৰি ডিচেম্বৰত নগালেণ্ডৰ অটিঙত সেনাৰ গুলীচালনাত ১৪ জনকৈ নিৰস্ত্ৰ গাঁওবাসী নিহত হৈছিল।
চাৰি ডিচেম্বৰৰ নিশা কয়লা খনিৰ পৰা শ্ৰমিক সকলে খনিৰ কাম সম্পূৰ্ণ কৰাৰ পিছত এখন পিকআপ ভেনত ঘৰলৈ উভতি অহাৰ সময়তে অ’টিঙত সেনাই তেওঁলোকক উগ্ৰপন্থী বুলি ভাবি গুলীচালনা কৰিছিল। ঘটনাত প্ৰথমে ছজন শ্ৰমিকৰ মৃত্যু হৈছিল। এই ঘটনা সন্দৰ্ভত জানিব পাৰি অ’টিঙ গাঁওবাসী ৰাজপথলৈ ওলাই আহি সেনাৰ ২১ পেৰা স্পেচিয়েল ফৰ্চৰ দলটোক সুধপোছ কৰা সময়তে উত্তেজিত জনতাৰ সৈতে সংঘৰ্ষৰ সূত্ৰপাত ঘটাই প্ৰথমে শূণ্যলৈ গুলী চালনা কৰে সেনাৰ দলটোৱে। ইয়াতে ক্ষুণ্ণ হৈ অধিক উত্তেজিত হৈ পৰে গাঁওবাসী। ইয়াৰ পৰিপ্ৰেক্ষিতত উত্তেজিত জনতালৈ লক্ষ্য কৰি সেনাৰ ফালৰ পৰা গুলী চালনা কৰা হয় নিশাৰ আন্ধাৰত। প্ৰত্যুত্তৰত হাতে হাতে দা, যাঠি লৈ অহা নগা জনতায়ো আক্ৰমণ কৰাত এজন সেনা জোৱান নিহত হোৱাৰ লগতে আন কেইবাজনো জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।
ইফালে সেনাৰ গুলীত সৰ্বমুঠ ১৪ জন লোকৰ মৃত্যু হৈছিল। যাৰ ফলত নগালেণ্ডৰ সমগ্ৰ মন জিলাবাসী প্ৰতিবাদ মুখৰ হৈ পৰে আৰু এই ঘটনাৰ উচিত তদন্ত বিচাৰি প্ৰতিদিনেই বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে। আনহাতে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত নগালেণ্ড চৰকাৰে অভিযুক্ত সেনা বিষয়া আৰু জোৱান সকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ কেন্দ্ৰৰ পৰা অনুমতি বিচৰাৰ লগতে নগালেণ্ড আৰক্ষীয়েও গৃহমন্ত্ৰী অমিত শ্বাহৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ অনুমতি বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰিছিল। মন কৰিবলগীয়া যে নগালেণ্ডৰ বৃহৎ অংশ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ অধীনত সামৰি লোৱা হৈছে। এই আইন অনুসৰি, সেনাক বিভিন্ন অতিৰিক্ত ক্ষমতা প্ৰদান কৰা হয়। এই আইনৰ সুৰুঙাৰে ২১ পেৰা স্পেচিয়েল ফৰ্চৰ জোৱানে উক্ত দিনা নীৰিহ লোকৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰি গুলীচালনা কৰাক কেন্দ্ৰ কৰি সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত এই ঘটনাৰ ছয়মাহৰ পাছত নগালেণ্ডৰ আৰক্ষীয়ে ত্ৰিছজন সেনা জোৱানৰ বিৰুদ্ধে ইতিমধ্যে অভিযোগনামা দাখিল কৰিলে।
নগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান টি জন লংকুমাৰে জনোৱা মতে, ৪ ডিচেম্বৰত সংঘটিত হোৱা অ’টিঙৰ গুলীচালনাৰ কাণ্ডৰ বাবে ২১ পেৰা নিৰাপত্তা বাহিনীৰ অপাৰেচন টিমৰ ৩০ জন সদস্যক চাৰ্জশ্বীট দিয়া হৈছে। নগালেণ্ডৰ চুমৌকেডিমাৰ আৰক্ষী কমপ্লেক্সত সংবাদ মাধ্যমৰ লোক সকলক সম্বোধন কৰি আৰক্ষী অধীক্ষকে কয় যে ২০২১ চনৰ ৪ ডিচেম্বৰত বিশেষ তদন্তকাৰী দলৰ (এছআইটি) প্ৰতিবেদন সম্পূৰ্ণ কৰা হৈছে আৰু ৩০ মে’ত জিলা আৰু অধিবেশন আদালতত চাৰ্জশ্বীট দাখিল কৰা হৈছে। তেওঁ কয় যে, তদন্তৰ কালছোৱাত বিভিন্ন কৰ্তৃপক্ষৰ পৰা প্ৰাসংগিক নথি আৰু CFSL গুৱাহাটী, হায়দৰাবাদ আৰু চণ্ডীগড়ৰ পৰা বৈজ্ঞানিক মতামত আৰু NiELITৰ পৰা কাৰিকৰী প্ৰমাণকে ধৰি বিভিন্ন প্ৰমাণ সংগ্ৰহ কৰি এছ আই টিয়ে এক পুংখানুপুংখ তদন্ত চলাইছিল। ইতিমধ্যে পেৰা নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল আৰু সেই অনুসৰি বিচাৰৰ বাবে অনুমোদন বিচৰা চিআইডিৰ প্ৰতিবেদন চলিত বৰ্ষৰ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত সামৰিক পৰিক্ৰমা বিভাগলৈ প্ৰেৰণ কৰা হয়, ইয়াৰ উপৰিও মে’ মাহত এটা সোঁৱৰণীও প্ৰেৰণ কৰা হৈছিল। অৱশ্যে বিচাৰৰ বাবে অনুমোদনৰ বাবে এতিয়াও অপেক্ষা কৰা হৈছে।
লগতে পঢ়ক –
লগতে পঢ়ক – মাৰ্ঘেৰিটা পৌৰসভা পদেন সদস্য হিচাপে শপত গ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক ভাস্কৰ শৰ্মাৰ
ইফালে ৩০ জন অভিযুক্তৰ বিৰুদ্ধে বিচাৰৰ বাবে অনুমোদন বাকী থকালৈকে অভিযোগনামা দাখিল কৰা হৈছে। ইফালে চিআইডিৰ প্ৰতিবেদনত এছআইটিয়েও অভিযানটো কেনেদৰে চলোৱা হৈছিল সেই সন্দৰ্ভত বিভিন্ন পৰ্যবেক্ষণ কৰিছিল আৰু সেই সমস্যাসমূহৰ সমাধানৰ প্ৰয়োজনীয়তাৰ কথা আঙুলিয়াই দিছিল আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে উপযুক্ত কৰ্তৃপক্ষক অনুৰোধ জনাইছিল বুলি প্ৰতিবেদনত উল্লেখ কৰাৰ কথা সংবাদ মেলত জানিবলৈ দিয়ে নগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।