নিউজ ডেস্ক: চাঞ্চল্যকৰ গুৱাহাটী ডাবল মাৰ্ডাৰৰ এক বৃহৎ পৰিঘটনাত অসম আৰক্ষীয়ে তিনিমাহৰ অন্তত অভিযুক্ত বন্দনা কলিতা আৰু তেওঁৰ দুজন সহযোগীৰ বিৰুদ্ধে ১৬০০ পৃষ্ঠাৰ চাৰ্জশ্বীত প্ৰস্তুত কৰে।

চি জে এম ক’ৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল কৰিবলৈ নিৰ্দেশ দিছিল আৰক্ষীক। ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে ৩ মাহৰ ভিতৰত চাৰ্জশ্বীট প্ৰস্তুত কৰি দাখিল কৰে আদালতত।

চি জে এম আদালতত দাখিল কৰা হ’ল মহানগৰীৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ চাৰ্জশ্বীট। নুনমাটি আৰক্ষীয়ে দাখিল কৰিলে চাৰ্জশ্বীট । চাৰ্জশ্বীটৰ প্ৰতিটো পৃষ্ঠাত লিপিবদ্ধ আছে বন্দনা কলিতাই কেনেদৰে নৃশংসভাৱে হত্যা কৰিছিল স্বামী আৰু শাহুৱেকক।

উল্লেখ্য যে চাৰ্জশ্বীট দাখিলৰ পিছতে নিয়মীয়া শুনানি আৰম্ভ হ’ব আদালতত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply