মৰিগাঁও : অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ সৈতে আজি শেহতীয়াকৈ মণিপুৰৰ তুপুলত ভূমিস্খলনৰ ফলত কৰুণভাৱে মৃত্যক সাৱটি লোৱা মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰৰ কুশতলী অঞ্চলৰ ব্যক্তিসকলৰ আত্মীয় তথা আহত সকললৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা সাহায্যৰ চেক প্ৰদান কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত মন্ত্ৰী দুগৰাকীয়ে আজি অঞ্চলটোত উপস্থিত হৈ ১৬ গৰাকী মৃত ব্যক্তিৰ শোকবিহ্বল আত্মীয়ক ২ লাখকৈ টকাৰ আৰু আন ৫ জন আহত ব্যক্তিক ২৫,০০০ হাজাৰকৈ টকাৰ চেক প্ৰদান কৰে।

মন্ত্ৰী হাজৰীকাই শোকাৰ্ত পৰিয়ালবৰ্গক সান্তনা প্ৰদান কৰি কয় যে অসমৰ জনগণৰ প্ৰতি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দায়বদ্ধ আৰু তেঁওৰ নিৰ্দেশতে আজি দুয়োজন মন্ত্ৰীয়ে এনেদৰে সাহায্য প্ৰদান কৰিবলৈ আহিছে। আনহাতে মৃত ব্যক্তিসকলৰ পৰিয়ালৰ কিছু সকাহ হোৱাকৈ তেঁওলোকক ৰাজ্য চৰকাৰৰ ‘অৰুণোদয়’ আঁচনিৰ অধীনত সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা কৰিবলৈও মন্ত্ৰী হাজৰীকাই জিলা উপায়ুক্তক আহ্বান জনায়। মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে যে অৰুণোদয় আঁচনিৰ অধীনত মাহিলী ১২৫০ টকাকৈ লাভ কৰি থাকিলে মৃতকৰ পৰিয়ালবৰ্গই কিছু হ’লেও সকাহ লাভ কৰি থাকিব। উল্লেখযোগ্য যে শেহতীয়াকৈ মণিপুৰত হোৱা ভূমিস্খলনৰ খবৰ পায়েই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী পীযুষ হাজৰীকাক ঘটনাস্থলীলৈ গৈ অসমৰ ব্যক্তিসকলৰ উদ্ধাৰ অভিযানৰ প্ৰত্যক্ষ তদাৰক কৰিবলৈ নিৰ্দেশ দিছিল।

লগতে পঢ়ক – শনিবাৰে ৰাজ্যত ১১৯ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত

মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশত মন্ত্ৰী হাজৰীকাই ততাতৈয়াকৈ মণিপুৰলৈ গৈ উদ্ধাৰ অভিযানৰ তদাৰক কৰিছিল। মন্ত্ৰী গৰাকীয়ে অসমৰ নিহত সকলৰ মৃতদেহ নিজ নিজ গৃহলৈ অনাৰ ব্যৱস্থা কৰাৰ লগতে আহতসকলক নিজৰ লগতে একেলগে বিমানেৰে ৰাজ্যখনলৈ লৈ আনি স্ব-গৃহলৈ যোৱাৰ সুবিধা কৰি দিছিল। ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়েও আজি মন্ত্ৰী পীযুষ হাজৰীকাৰ এনে তৎপৰতাৰ কথা উল্লেখ কৰি ৰাইজৰ প্ৰতি থকা বৰ্তমানৰ চৰকাৰখনৰ আন্তৰিক দায়বদ্ধতাক প্ৰকাশ কৰে। আজিৰ এই সময়খিনিত মন্ত্ৰী দুগৰাকীৰ লগতে বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক তথা আন বিষয়াসকল উপস্থিত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply