নিউজ ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ পৰা অনা আন এটা চিতাৰ মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হয়। মধ্য প্ৰদেশৰ মুখ্য বন সংৰক্ষক জে এছ চৌহানে মৃত্যুৰ কথা নিশ্চিত কৰি কয় যে চিকিৎসাৰ সময়ত উদয় নামৰ মতা চিতাটোৰ মৃত্যু হয়।
“দক্ষিণ আফ্ৰিকাৰ পৰা অনা উদয় নামৰ আন এটা চিতাৰ চিকিৎসাৰ সময়ত কুনো ৰাষ্ট্ৰীয় উদ্যানত অসুস্থ অৱস্থাত পোৱাৰ পিছত মৃত্যু হৈছে। মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই,” জে এছ চৌহানে কয়।
দেওবাৰে ৰাতিপুৱা বন আৰক্ষী দল এটায়ে লক্ষ্য কৰিছিল যে উদয়ৰ স্বাস্থ্য বেয়া। তাৰ পিছত উদয়ক ট্ৰেংকুলাইজ কৰা হৈছিল আৰু চিকিৎসা কেন্দ্ৰলৈ অনা হয়। আবেলি প্ৰায় ৪ বজাত চিকিৎসাৰ সময়ত চিতাটোৰ(উদয়) মৃত্যু হয়।
আজি এটা পশু চিকিৎসা দলে মৰণোত্তৰ পৰীক্ষা কৰিব। গোটেই মৰণোত্তৰ পৰীক্ষাটো ভিডিঅ’গ্ৰাফী কৰা হ’ব আৰু ফটো তোলা হ’ব বুলি জানিবলৈ পোৱা গৈছে।
চলিত বৰ্ষৰ ১৮ ফেব্ৰুৱাৰীত দক্ষিণ আফ্ৰিকাৰ পৰা কুনোলৈ ১১ টা চিতাৰ সৈতে অনা হৈছিল। সেই ১১ টা চিতাৰ ভিতৰত উদয়ো অন্যতম আছিল।
উল্লেখ্য যে, কুনো ৰাষ্ট্ৰীয় উদ্যানত এইয়া দ্বিতীয়টো চিতা বাঘৰ মৃত্যু। নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা বিশটা চিতা অনা হৈছিল। যোৱা বছৰ নামিবিয়াৰ পৰা কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ আঠটা চিতা বাঘ অনা হৈছিল। তাৰে ভিতৰত চাছাৰ নামৰ চিতা বাঘটোৰ চলিত বছৰৰ মাৰ্চ মাহত মৃত্যু হৈছিল। এতিয়া দেওবাৰে দ্বিতীয় চিতা মৃত্যুৰ সৈতে, সংখ্যাটো ১৮ টা লৈ হ্ৰাস পাইছে ভাৰতত চিতা বাঘৰ সংখ্যা।
লগতে পঢ়ক – মোগাৰ গুৰুদ্বাৰাৰ পৰা অমৃতপাল সিঙক ৩৬ দিনৰ পিছত গ্ৰেপ্তাৰ, ডিব্ৰুগড় কাৰাগাৰলৈ অনা হ’ব অমৃতপাল