নিউজ ডেস্ক: মঙলবাৰে মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত এজনী মাইকী চিতা বাঘৰ মৃত্যু হয়। দক্ষিণ আফ্ৰিকাৰ নামিবিয়াৰ পৰা অনা হৈছিল মৃত্যু হোৱা ‘দক্ষা’ নামৰ চিতা বাঘজনী।

জানিব পৰামতে উদ্যানখনত থকা দুটা মতা চিতা বাঘৰ সৈতে হোৱা যুঁজৰ ফলত মাইকী চিতা বাঘিনীজনীৰ মৃত্যু হয়।

মুখ্য বন সংৰক্ষক জে এছ চৌহানে জনায় যে কুনো ৰাষ্ট্ৰীয় উদ্যানত দক্ষিণ আফ্ৰিকাৰ পৰা মুকলি কৰা মাইকী চিতা ‘দক্ষা’ নিৰীক্ষণ দলে আঘাতপ্রাপ্ত অৱস্থাত পায়। পশু চিকিৎসকসকলে চিতাটোক চিকিৎসা প্ৰদান কৰিছিল যদিও দুপৰীয়া ১২ বজাত মৃত্যু হয়।

লগতে তেওঁ কয়, মাইকী চিতা ‘দক্ষা’ক ১ নম্বৰৰ বেষ্টনীত মুকলি কৰি দিয়া হৈছিল। ওচৰৰ বেষ্টনী নং ৭-ত, দক্ষিণ আফ্ৰিকাৰ পৰা অনা চিতা মিত্ৰজোঁটৰ বায়ু আৰু অগ্নিক মুকলি কৰা হৈছিল। হয়তো সিহত দুয়োৰ মাজত হোৱা সংঘাতৰ বাবে চিতা বাঘজনীৰ মৃত্যু হয়।

উল্লেখ্য যে দুমাহৰ ভিতৰত দক্ষিণ আফ্ৰিকাৰ পৰা অনা চিতাৰ ভিতৰত এইটো তৃতীয় মৃত্যু। ইয়াৰ আগতে আন দুটা চিতাৰ মৃত্যু হৈছিল। তিনিটা চিতাৰ মৃত্যুৰ পিছত, কুনো ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হোৱা চিতা প্ৰকল্পক এক ডাঙৰ বিফলতা হিচাপে গণ্য কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply