গুৱাহাটী : গুৱাহাটীৰ ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আৰু দবা খেলুৱৈ অভিভাৱক ফোৰামৰ দ্বাৰা আয়োজিত চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতাৰ ষষ্ঠ ৰাউণ্ডৰ শেষত শীৰ্ষ বাছনিৰ পশ্চিম বংগৰ অৰ্পণ দাসে ৬ পইণ্ট অৰ্জন কৰি একক অগ্ৰগতি লাভ কৰিছে। অৰ্পণে ষষ্ঠ ৰাউণ্ডৰ খেলত দ্বিতীয় বাছনিৰ বিহাৰৰ আশুতোষ কুমাৰক পৰাজিত কৰে। আশুতোষ কুমাৰকে ধৰি ৮ জন খেলুৱৈ, পশ্চিম বংগৰ ৰূপম মুখাৰ্জী, অসমৰ টানিশা এ আৰ সোম, পদ্ম গগৈ, নীলাভজ্যোতি বৰঠাকুৰ, চাৰ্ভী চৌধুৰী, অবিনাশ পি গগৈ আৰু অশ্বীন শৰ্মাই সম সংখ্যক ৰাউণ্ডৰ পৰা ৫ পইণ্টকৈ অৰ্জন কৰি দ্বিতীয় স্থানত আছে।
ষষ্ঠ ৰাউণ্ডৰ খেলত দ্বিতীয় বৰ্ডত অসমৰ নীলাভজ্যোতি বৰঠাকুৰ আৰু পদ্ম গগৈৰ খেল অমীমাংসিত হৈ অন্ত পৰে। পশ্চিম বংগৰ ৰূপম মুখাৰ্জীয়ে বিহাৰৰ কিষান কুমাৰক পৰাজিত কৰে। অসমৰ অশ্বীন শৰ্মাই অসমৰে প্ৰদীপ ভূঞাক পৰাজিত কৰে। টানিশা এ আৰ সোমে কোচিন দাসক আৰু অবিনাশ পি গগৈয়ে প্ৰানগোবিন্দ পৰাশৰ কাশ্যপক পৰাজিত কৰে। প্ৰতিযোগিতা সপ্তম ৰাউণ্ডৰ খেল সমূহ বৃহস্পতিবাৰে ৰাতিপুৱা ৯.৩০ ৰ পৰা আৰম্ভ হ’ব। প্ৰতিযোগিতা খন ৩ জুলাইত আৰম্ভ হৈছে আৰু ৮ জুলাইত অন্ত পৰিব।
প্ৰতিযোগিতাখন ছুইছ লীগ পদ্ধতিত ৯ ৰাউণ্ডৰ বাবে অনুষ্ঠিত হৈ আছে। ৬৩ জন ফিডে ৰেটেড খেলুৱৈসহ মুঠ ১৪০ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনত অসমকে ধৰি বাংলাদেশ, ত্ৰিপুৰা, পশ্চিমবংগ, বিহাৰ, মহাৰাষ্ট্ৰ, মেঘালয়, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। মুঠ দুই লাখ টকা প্ৰাইজমানি সম্বলিত এই প্ৰতিযোগিতাত বিজয়ী খেলুৱৈজনৈ ৩০,০০০ টকা প্ৰাইজ মানি হিচাপে লাভ কৰিব।
লগতে পঢ়ক – উজনি অসম দৃষ্টিহীন ছাত্ৰ সন্থাৰ সমস্যাৰাজিৰ বুজ ল’লে মন্ত্ৰী পীযুষ হাজৰীকাই
সৰ্বভাৰতীয় দবা মহাসংঘ আৰু বিশ্ব দবা মহাসংঘৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত এই প্ৰতিযোগিতাখন পৰিচালনা কৰিছে ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে আৰু সহযোগ কৰিছে ফিডে আৰ্বিটাৰ মনিমালা সিন্হা, গোলাপ গগৈ, ৰবিকান্ত তিৱাৰী, পান্না আহমেদ আৰু নিৰ্মল দাসে।