গুৱাহাটী : পানীখাইতি, গুৱাহাটীৰ ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আৰু দবা খেলুৱৈ অভিভাৱক ফোৰামৰ দ্বাৰা আয়োজিত চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতাৰ চতুৰ্থ ৰাউণ্ডৰ শেষত শীৰ্ষ বাছনিৰ পশ্চিম বংগৰ অৰ্পণ দাসে অগ্ৰগতি অব্যাহত ৰাখিছে। অৰ্পণ দাসে চতুৰ্থ ৰাউণ্ডৰ শেষত ৪ পইণ্ট সংগ্ৰহ কৰি আছে। দ্বিতীয় বাছনিৰ বিহাৰৰ আশুতোষ কুমাৰ, চতুৰ্থ বাছনিৰ কিষান কুমাৰ আৰু অসমৰ প্ৰদীপ ভূঞা, টানিশা এ আৰ সোম, পদ্ম গগৈয়েও চাৰি ৰাউণ্ডৰ শেষত চাৰি পইণ্টকৈ লাভ কৰি শীৰ্ষ স্থানত আছে।

অসমৰ নীলাভজ্যোতি বৰঠাকুৰ আৰু ঋষভ বৰ্মনে সম সংখ্যক ৰাউণ্ডৰ পৰা ৩.৫ কৈ সংগ্ৰহ কৰি দ্বিতীয় স্থানত আছে। চতুৰ্থ ৰাউণ্ডৰ খেলত শীৰ্ষ বাছনিৰ অৰ্পণ দাসে অসমৰ নিহাদ ইছলাম হাজৰিকাক পৰাজিত কৰে। আনহাতে দ্বিতীয় বাছনিৰ বিহাৰৰ আশুতোষ কুমাৰে অসমৰ প্ৰানগোবিন্দ পৰাশৰ কাশ্যপক আৰু চতুৰ্থ বাছনিৰ বিহাৰৰে কিষান কুমাৰে অসমৰ ঋতুৰাজ তামুলীক পৰাজিত কৰে। অসমৰ প্ৰদীপ ভূঞাই অসমৰে অবিনাশ পি গগৈক আৰু টানিশা এ আৰ সোমে কমল ডেকাক পৰাজিত কৰি যুতীয়াভাবে শীৰ্ষস্থানত আছে। নীলাভজ্যোতি বৰঠাকুৰে চিৰ ৰঞ্জন ভূঞাক আৰু ৠষভ বৰ্মনে ছাহজাহান আলিক পৰাজিত কৰি পৰবৰ্তী স্থানত আছে।

লগতে পঢ়ক –  মাছ মাৰিবলৈ গৈ নিখোজ এজন ছাত্ৰ

প্ৰতিযোগিতাখন ৩ জুলাইত আৰম্ভ হৈছে আৰু ৮ জুলাইত অন্ত পৰিব। প্ৰতিযোগিতাখন ছুইছ লীগ পদ্ধতিত ৯ ৰাউণ্ডৰ বাবে অনুষ্ঠিত হৈ আছে। ৬৩ জন ফিডে ৰেটেড খেলুৱৈসহ মুঠ ১৪০ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনত অসমকে ধৰি বাংলাদেশ, ত্ৰিপুৰা, পশ্চিমবংগ, বিহাৰ, মহাৰাষ্ট্ৰ, মেঘালয়, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। মুঠ দুই লাখ টকা প্ৰাইজমানি সম্বলিত এই প্ৰতিযোগিতাত বিজয়ী খেলুৱৈজনে ৩০,০০০ টকা প্ৰাইজ মানি হিচাপে লাভ কৰিব। সৰ্বভাৰতীয় দবা মহাসংঘ আৰু বিশ্ব দবা মহাসংঘৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত এই প্ৰতিযোগিতাখন পৰিচালনা কৰিছে ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,478 other subscribers

Leave a comment

Leave a Reply Cancel reply