গুৱাহাটী : গুৱাহাটীৰ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অহা ৩ জুলাইৰ পৰা ৮ জুলাই ২০২২লৈ দবা খেলুৱৈ অভিভাৱক সন্থাই এখন আন্তৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা আয়োজন কৰিব। মুঠ দুই লাখ টকা প্ৰাইজ মানি সম্বলিত প্ৰতিযোগিতাখনত প্ৰথম বিশটা স্থান অধিকাৰ কৰা খেলুৱৈ সকলক নগদ ধন আৰু ট্ৰফী প্ৰদান কৰা হ’ব।
ইয়াৰ বাহিৰেও শ্ৰেষ্ঠ মহিলা, ভেটাৰেণ খেলুৱৈ আৰু বয়স ভিত্তিত অনুৰ্দ্ধ ৭ বছৰ, অনুৰ্দ্ধ ৯ বছৰ, অনুৰ্দ্ধ ১১ বছৰ, অনুৰ্দ্ধ ১৩ বছৰ আৰু অনুৰ্দ্ধ ১৫ বছৰৰ খেলুৱৈ সকলক পুৰস্কাৰ প্ৰদান কৰা হ’ব। প্ৰতিযোগিতাখনত অসম আৰু গুৱাহাটীৰ খেলুৱৈৰ বাবে বিশেষ পুৰস্কাৰ থাকিব। প্ৰতিযোগিতাখনত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ ভাৰতৰ পৰা প্ৰায় ২০০ জন খেলুৱৈয়ে অংশ গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।
লগতে পঢ়ক – মঙলদৈৰ এয়াৰটেল টাৱাৰৰ তলত উদ্ধাৰ মৃতদেহ
প্ৰতিযোগিতাখন ইতিমধ্যে ভাৰতীয় দবা মহাসংঘই আৰু বিশ্ব দবা মহাসংঘই স্বীকৃতি প্ৰদান কৰিছে। প্ৰতিযোগিতাখনত যোগদান কৰিবলৈ আৰু সবিশেষ জানিবলৈ ছুজা উল ইছলাম হাজৰিকা (ফোন: ৯৪৩৫০৪১৭৭৬) আৰু প্ৰণৱ কুমাৰ নাথৰ (ফোন: ৯৮৬৪৯১১৯৩৭) লগত যোগাযোগ কৰিবলৈ আয়োজকে আহ্বান জনাইছে।