গুৱাহাটী : চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা আজিৰে পৰা আৰম্ভ। গুৱাহাটীৰ পানিখাইটিত অৱস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত আজিৰে পৰা চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা আৰম্ভ হৈছে। পশ্চিম বংগ, বিহাৰ, মেঘালয়, নাগালেন্ড, মহাৰাষ্ট্ৰ, ত্ৰিপুৰা আৰু বাংলাদেশৰ পৰাও খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।

৬৩ জন ফিডে ৰেটেড খেলুৱৈসহ মুঠ ১৪০ জন খেলুৱৈয়ে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতা খন ৮ জুলাইত অন্ত পৰিব। ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে এই প্ৰতিযোগিতাখনত মূখ্য আৰ্বিটাৰ হিচাপে পৰিচালনা কৰিব। আজি প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সদৌ অসম দবা সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ ধৰে।

লগতে পঢ়ক –  ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ; যোৱা চাৰি মাহৰ ভিতৰত সৰ্বাধিক

উদ্বোধনী অনুষ্ঠানত দবা খেলুৱৈ অভিভাৱক ফোৰামৰ সভাপতি ড: শিবেন দত্ত, কোষাধ্যক্ষ চুজাউল ইছলাম হাজৰিকা, সহকাৰী সম্পাদক বিমল শৰ্মা, শান্তনু বৰঠাকুৰ আৰু মূখ্য আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথ উপস্থিত থাকে। আজিৰ খেলত শীৰ্ষ বাছনিৰ পশ্চিম বংগৰ অৰ্পণ দাসে অসমৰ অথৰ্ব মহন্তক পৰাজিত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply