নিউজ ডেস্কঃ তিনিদিনীয়া তিনিচুকীয়া ভ্ৰমণৰ অন্তিম দিনা বৃহস্পতিবাৰে পৰিৱেশ সুৰক্ষা সমিতি, অসমৰ মাননীয় বিষয়ববীয়াসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি সংগঠনটোৰ তৰফৰ পৰা ‘ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সফল অসমীয়া বঁটা’ প্ৰদান কৰে।

বঁটা লাভ কৰি মুখ্যমন্ত্ৰীয়ে পৰিৱেশ সুৰক্ষা সমিতি, অসমে ‘ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সফল অসমীয়া বঁটা’ৰে যি সন্মান আগবঢ়োৱাৰ কৃতাৰ্থবোধ কৰি কয় যে, ৰাজ্যখনৰ সৰ্বাংগীণ বিকাশ আৰু জনসাধাৰণৰ কল্যাণৰ উদ্দেশ্যেৰে আমি প্ৰতিটো কাৰ্য সম্পাদনৰ ক্ষেত্ৰত সদায়ে নিষ্ঠা আৰু আন্তৰিকতাক আগস্থান দি আহিছোঁ৷ আমি এই কথা গভীৰভাৱে বিশ্বাস কৰোঁ যে জনমুখী সেৱাৰ বাবে অক্লান্ত পৰিশ্ৰমৰ প্ৰয়োজন৷ বিকাশৰ গতি ত্বৰান্বিত কৰি অসমক দেশৰ এখন অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰিবলৈ আমি প্ৰতিনিয়ত কৰ্তব্যত ব্ৰতী হৈ থকাৰ সংকল্প গ্ৰহণ কৰিছোঁ৷

লগতে তোঁ কয়, পৰিৱেশ সুৰক্ষা সমিতিৰ দৰে এটা অগ্ৰণী অনুষ্ঠানৰ পৰা লাভ কৰা অকৃত্ৰিম প্ৰশংসাই আৰু তেওঁলোকে আগবঢ়োৱা এই বঁটাই মোক অনুগৃহীত কৰাৰ লগতে অধিক নিষ্ঠা আৰু দায়বদ্ধতাৰে ৰাজ্যবাসীৰ সেৱাত নিজকে সমৰ্পিত কৰিবলৈ অনুপ্ৰেৰণা যোগাইছে৷

উল্লেখ্য যে, ‘হেমকোষ’ প্ৰণয়ন কৰা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা হৈছে আমাৰ জাতীয় জীৱনৰ এগৰাকী প্ৰাতঃস্মৰণীয় পুৰুষ৷ পৰিৱেশ সুৰক্ষা সমিতিয়ে তেখেতৰ সোঁৱৰণত ২০১৬ চনৰ পৰা বৰ্ষজোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালনৰ কাৰ্যসূচীয়ে ৰাজ্যখনৰ সেউজ বাতাৱৰণ অক্ষুণ্ণ ৰখাৰ দিশত বিভিন্ন ইতিবাচক কাম গ্ৰহণ কৰি আহিছে৷

লগতে পঢ়ক – ১৯ মে’ত অনুষ্ঠিত হ’ব “প্ৰাকৃতিক কৃষি সন্মিলন ২০২৩”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply