গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে আকাশ মার্গেৰে শিলচৰকে ধৰি কাছাৰ জিলাৰ বিভিন্ন প্রান্তৰ বান পৰিস্থিতি আৰু ইয়াৰ ফলত হােৱা ক্ষয়-ক্ষতিৰ বুজ লয়। আকাশ মার্গেৰে পৰিদর্শন কৰাৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে সাংসদ ডাঃ ৰাজদ্বীপ ৰয়, উপায়ুক্ত, আৰক্ষী অধীক্ষক, ডি আই জি (দক্ষিণ মণ্ডল) উপস্থিত থাকে।

ইয়াৰ পিছতে কাছাৰ জিলাৰ বান পৰিস্থিতি পর্যালােচনা কৰাৰ উদ্দেশ্যৰে জিলা উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত উচ্চপদস্থ বিষয়া সকলৰ সৈতে এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী। জিলা উপায়ুক্ত গৰাকীয়ে সাম্প্রতিক বানপানীত হােৱা ক্ষয়-ক্ষতি আৰু প্রশাসনে গ্ৰহণ কৰা ব্যৱস্থাৰাজি সম্পৰ্কত মুখ্যমন্ত্ৰীক অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে শিলচৰ চহৰৰ বান পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বানপ্লাবিত প্ৰতিটো বাৰ্ডতে উদ্ধাৰ আৰু সাহায্য অভিযান তীব্রতৰ কৰি তুলিবলৈ জিলা প্রশাসক নির্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে প্ৰতিটো বাৰ্ডৰে বানপীড়িত লােক সকলে যাতে উপযুক্ত সাহায্য লাভ কৰিব পাৰে তাৰ বাবে বার্ড পর্যায়ত আঁচনি প্রস্তুত কৰিবলৈ নির্দেশ দিয়ে। এই আঁচনি স্থানীয় জনসাধাৰণৰ সহযােগত ৰূপায়িত কৰিবলৈও মুখ্যমন্ত্ৰীয়ে কয়। জিলাখনত যাতে প্রয়ােজনীয় কোনাে ধৰণৰ খাদ্য নাটনি নহয়, সেই দিশত গুৰুত্ব আৰােপ কৰি মুখ্যমন্ত্ৰীয়ে বিমানৰ জৰিয়তে খাদ্য সৰবৰাহ কৰাৰ বাবেও উচ্চপদস্থ বিষয়াসকলক নির্দেশ দিয়ে।

জিলাখনত প্রশাসনিক শক্তি বৃদ্ধি কৰি উদ্ধাৰ আৰু সাহায্য অভিযান যাতে সুচাৰুৰূপে পৰিচালনা কৰিব পৰা যায় তাৰ বাবে দহ গৰাকী বিষয়াক কাছাৰ জিলালৈ আহিবলৈ নির্দেশ দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। চহৰখনৰ প্রতিটো প্রান্ততে যাতে বিদ্যুৎ উপলব্ধ কৰিব পৰা যায় তাৰ বাবে এপিডিচিএল শীর্ষ বিষয়াসকলক তকালে যথােচিত পদক্ষেপ গ্রহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে।

লগতে পঢ়ক –  হিন্দুস্তান পেট্ৰ’লিয়াম ক’ৰপ’ৰেশ্যন লিমিটেডত ২৯৪ টা পদত নিযুক্তি

ইয়াৰ পিছতে সাংবাদিকৰ সৈতে হােৱা কথােপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে জিলাখনৰ অভূতপূর্ব বান পৰিস্থিতি মােকাবিলা কৰাৰ বাবে জিলা প্রশাসনৰ সহযােগত ৰাজ্য চৰকাৰে প্রয়ােজনীয় সকলাে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। জনসাধাৰণে যাতে বিদ্যুৎ লাভ কৰিব পাৰে তাৰ বাবে গুৱাহাটীৰ পৰা অভিযন্তা অনাৰাে ব্যৱস্থা কৰা হৈছে বুলি তেওঁ কয়। খােৱাপানীৰ সমস্যা লাঘৱ কৰাৰ বাবে চৰকাৰে কাইলৈৰ পৰা দৈনিক এক লাখ লিটাৰ পানী অনাৰ ব্যৱস্থা কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply