নিউজ ডেস্ক- কালি নতুন দিল্লীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। নিশা নতুন দিল্লীত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে গৃহ মন্ত্ৰালয়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনৰ সৈতে বাৰ্তালাভ কৰে।
জানিব পৰা মতে, তেওঁলোকে প্ৰায় আধা ঘণ্টা সময় ধৰি হোৱা এই বৈঠকত ৰাজ্যৰ শেহতীয়া আইন- শৃংখলা পৰিস্থিতিৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে স্থান লাভ কৰে। উক্ত বৈঠকত ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোৱেও আলোচনা কৰে।
আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি সোনকালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া সমাপ্ত কৰাৰ পোষকতা কৰে। লগতে উক্ত বৈঠকত মন্ত্রী অশোক সিংঘালো উপস্থিত থাকে।