নিউজ ডেস্কঃ সমষ্টি পুনঃনিৰ্ধাৰণক লৈ আছুয়ে দিয়া ইতিবাচক মন্তব্যক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূয়সী প্ৰশংসা কৰিছে। যি আছুৱে এন আৰ চি উন্নীতকৰণ নোহোৱা লৈকে সমষ্টি পুনঃ নিৰ্ধাৰণ হ’ব নিদিওঁ কোৱা সেই আছুৱে এতিয়া সমষ্টি পুনঃ নিৰ্ধাৰণক লৈ সমৰ্থন জনাই।
মুখ্যমন্ত্ৰীয়ে কয়, আছুৱেই ইতিবাচক আখ্যা দিলে, আপোনালোকে (সাংবাদিক) মনবিলাক ইতিবাচক কৰি লওক। সমষ্টি পুনঃ নিৰ্ধাৰণ নিউজ চেনেলৰ বুমকেইটাত আছে, ৰাইজৰ মাজত একো নাই। ৰাইজেই টো ভালেই পাইছে, এই বুম কেইটাতেই সমস্যাটো সীমাবদ্ধ হৈ আছে।
ইয়াৰোপৰি আছুৱে সংবাদমেল অনুষ্ঠিত কৰি কৈছিল যে, ২০২৬ ত গোটেই ভাৰতবৰ্ষত সমষ্টি পুনঃ নিৰ্ধাৰণ হ’লে ১৯৯১ চনৰ ভিত্তিবৰ্ষ হ’ব লাগে। উক্ত বিষয়ত সাংবাদিকে প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীয়ে কয়, ১৯৯১ চনৰ ভিত্তিবৰ্ষ হ’লে মই আটাইতকৈ বেছি ভাল পাম।
ইয়াৰ লগতে তেওঁ কয়, সকলো অসমীয়াই উচ্চতম ন্যায়ালয়ত আবেদন কৰিব লাগে ২০০১ চনৰ ভিত্তিবৰ্ষ হ’লে ভাল কিন্তু ভৱিষ্যতে সমষ্টি পুনঃ নিৰ্ধাৰণৰ ভিত্তিবৰ্ষ ১৯৯১ চন কৰিব লাগে।
লগতে পঢ়ক – দুৰ্গম গাঁৱত মোবাইল সংযোগ উন্নত কৰাৰ বাবে চৰকাৰে কাম কৰি আছেঃ অনুৰাগ ঠাকুৰ