নিউজ ডেস্ক- অসমৰ মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাক কর্মযোগী উপাধি প্ৰদান কৰা হ’ব। সমন্বিত জনজাতি উন্নয়ন সমিতি, অসমৰ তৰফৰ পৰা মুখ্যমন্ত্রী গৰাকীক এই কর্মযোগী উপাধি প্ৰদানৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছে। কালি দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেলত এই কথা ঘোষণা কৰে সভাপতি অমল ৰাভাই।

ৰাজ্যৰ সাৰ্বাংগীন উন্নতিৰ বাবে কৰা কামৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক এই উপাধি প্ৰদান কৰা হ’ব।সংগঠনটোৰ সভাপতি অমল ৰাভা আৰু সম্পাদক কামেশ্বৰ বড়োৱে কয় যে অসমৰ জ্বলন্ত পৰিস্থিতিৰ মাজতো সামাজিক, অর্থনৈতিক, ৰাজনৈতিক ক্ষেত্ৰত মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাই নিজৰ বাক্‌পটুতা, কর্মপটুতা, সাহসী আৰু এজন নির্ভীক পৰিশ্ৰমী, প্রতিজ্ঞাপৰায়ণ, কৰ্তব্যনিষ্ঠা জননেতা হিচাপে অসমবাসী ৰাইজ তথা নৱপ্ৰজন্মৰ মাজত কর্মসংস্কৃতিৰ এক উৎকৃষ্ট নিদর্শন দাঙি ধৰিছে।

ভৱিষ্যতে নবপ্রজন্মক মান সম্পদৰূপে গঢ়ি তোলাত ব্ৰতী হৈ শান্তিকামী, চহকী, গৌৰৱোজ্জ্বল প্রগতিশীল চিৰসুন্দৰ অসমক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ দৃঢ় প্রতিজ্ঞা লৈ অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা প্রভূত অৱদানৰ বাবে ‘সমন্বিত জনজাতি উন্নয়ন সমিতি’ অসমে তেওঁক ‘কর্মযোগী’ উপাধি প্ৰদানৰ সিদ্ধান্ত লয়।

এই ‘কর্মযোগী’ উপাধি আগষ্ট মাহৰ ভিতৰত সংগঠনৰ ৩০ হেজাৰ কৰ্মীৰ উপস্থিতিত ৰাজহুৱাভাৱে প্ৰদান কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply