গুৱাহাটী – আজি অসমৰ পাঁচটা সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ সৈতে আলোচনাত বহিব মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা। নতুন দিল্লীত অনুষ্ঠিত হ’ব এই বিশেষ বৈঠক, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো এই বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা আছে । অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা সদৰী কৰিছে। সদৌ আদিবাসী নেশ্যনেল লিবাৰেশ্যন আৰ্মি, আদিবাসী কোব্ৰা মিলিটেন্ট অৱ আছাম, বিৰছা কামাণ্ডো ফ’ৰ্চ, চাওঁতাল টাইগাৰ ফ’ৰ্চ আৰু আদিবাসী পিপলচ্ আৰ্মিৰ সৈতে হ’ব আলোচনা। আটাইকেইটা সংগঠন বৰ্তমান যুদ্ধবিৰতিত আছে।
গুৱাহাটীত প্ৰথম বাৰৰ বাবে চৰকাৰৰ লগত শান্তি আলোচনাত মিলিত হয় এই পাঁচটা গোট। ২০২০ চনৰ ২৭ জানুৱাৰীত বড়ো উগ্ৰপন্থী সংগঠন এনডিএফবিৰ চাৰিটা গোটৰ লগত শান্তি চুক্তিৰ আধাৰত আলোচনা কৰা হৈছিল।

কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ লগত সেই সময়ত চাৰিটা গোটৰ ১,৬১৫ জন সদস্যই আত্মসমৰ্পণ কৰি এই শান্তি চুক্তিত মিলিত হৈছিল ।