নিউজ ডেস্কঃ অহা ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ আগমনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত প্ৰকাশ কৰা অনুসৰি, এদিনীয়া কাৰ্যসূচীৰে ১৪ এপ্ৰিল তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুৱাহাটীত পুৱা প্ৰায় ১১ বাজি ৩০ মিনিটত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হ’ব। তাৰ পৰা পোনে পোনে প্ৰধানমন্ত্ৰী গৰাকী হেলিকপ্টাৰ জৰিয়তে IIT গুৱাহাটী গৈ তাৰ পিছতেই AAIMS গুৱাহাটীত উপস্থিত হ’ব।

মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি, AAIMSৰ কাম ইতিমধ্যে ৮৫ শতাংশ সমাপ্ত হোৱা হৈছে। এইমছ নিৰ্মাণৰ বাবদ অসম চৰকাৰে ১,১২৩ কোটি টকা ব্যয় কৰা হৈছে আৰু প্ৰত্যেক বছৰে ১০০ জন ছাত্ৰ-ছাত্ৰীয়ে মেডিকেল অধ্যয়ন কৰিব।

প্ৰধানমন্ত্ৰীয়ে AAIMS উদ্বোধনৰ লগতে অসমৰ নতুন নৱ নিৰ্মিত নগাঁও, কোকৰাঝাৰ আৰু নলবাৰীৰ তিনিওখন মেডিকেল কলেজও মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।

একেইটা অনুষ্ঠানৰ পৰাই প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰী আয়ুষ্মান অসম আঁচনি সংযোজন স্বৰূপে ৰেচন কাৰ্ড থকা ১ কোটি ১০ লাখ লোকৰ বাবে প্ৰতীকী ৰূপত আয়ুষ্মান কাৰ্ড মুকলি কৰাৰ লগতে প্ৰদানো কৰিব কাৰ্ড।

ইয়াৰোপৰি,  অসম চৰকাৰৰ আৰু IIT গুৱাহাটী মাজত হোৱা বুজাবুজিৰ চুক্তিৰ সিদ্ধান্ত মৰ্মে নিমাৰ্ণ কৰিবলগীয়া আৰ্হি নামৰ (মাল্টি চুপাৰ ইষ্টপেচিয়েলিটি) ইনষ্টিটিউটখনৰ শুভাৰম্ভ কৰা হ’ব।

প্ৰধানমন্ত্ৰী ইয়াৰ পিছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী সামৰণী অনুষ্ঠানত উপস্থিত থাকিব। তাৰ পিছতেই প্ৰধানমন্ত্ৰী কইনাধৰাত কিছু সময় জিৰণি লৈ ৪ বাজি ৪৫ মিনিটত সৰুসজাইত উপস্থিত হ’ব। সৰুসজাইত উপস্থিত হোৱাৰ পিছত ১১ হাজাৰ ১০ গৰাকী বিহুৱা আৰু বিহুৱতীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত বিহু প্ৰদৰ্শন কৰিব।

সৰুসজাই পৰাই প্ৰধানমন্ত্ৰীয়ে আন এটা প্ৰকল্পও ১৪ এপ্ৰিলত উদ্ধোধন কৰিব। ৫১ শতাংশ অসম চৰকাৰৰ আৰু অইলৰ ইণ্ডিয়া ৪৯ শতাংশ বিনিয়োগত নামৰূপৰ মিথানেল প্ৰকল্পৰ শুভাৰম্ভণি কৰিব।

ইয়াৰ লগতে ১০০ কোটি টকা ব্যয়েৰে ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে অসম চৰকাৰে লোৱা আঁচনিখনো সেইদিনাই প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব।

একেবাৰে দিনটোৰ শেষত ব্ৰহ্মপুত্ৰৰ ওপৰত স্থাপন হ’বলগীয়া পলাশবাৰী-শুৱালকুছি সংযোগী উৰণীয়া সেতুৰ কামৰ আধাৰশিলা স্থাপন কৰিব।

লগতে পঢ়ক – টুপী, টি-চাৰ্ট আৰু ট্ৰাউজাৰত পৰিধান কৰি বান্দিপুৰ ব্যাঘ্ৰ প্ৰকল্পত প্ৰধানমন্ত্ৰী মোদীত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply