নিউজ ডেস্ক- আজি ভাৰতীয় জনতা পাৰ্টি, তিনিচুকীয়া জিলাৰ নৱনিৰ্মিত কাৰ্য্যালয় “অটল বিহাৰী বাজপেয়ী ভৱন”টিৰ শুভ উদ্বোধনী অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি মাননীয় ভৱেশ কলিতাই উদ্বোধন কৰে।
উল্লেখ্য যে, এই নৱনিৰ্মিত জিলা কাৰ্যালয়টি মুখ্যমন্ত্ৰীয়ে বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত কাৰ্য্যকৰ্তা সকললৈ আনুষ্ঠানিকভাৱে উৎসৰ্গা কৰে।

তেওঁ কয় যে, অটল কাৰ্য্যালয়, কাৰ্য্যক্ৰম আৰু কাৰ্য্যকৰ্তা এই তিনিটাই হৈছে এটি সংগঠনৰ মূল চালিকাশক্তি। সেই মৰ্মেই দলীয় কাৰ্য্যালয় এটি হৈছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্য্যকৰ্তাৰ বাবে মন্দিৰস্বৰূপ। লগতে তেওঁ কয় এই নৱনিৰ্মিত কাৰ্য্যালয়ৰ পৰাই আগন্তুক দিনত তিনিচুকীয়া জিলাৰ দলীয় কাম কাজ সমূহ আৰু অধিক ক্ষীপ্ৰতাৰে চলাই নিয়াত সহায়ক হ’ব।

আনহাতে, এই জিলা কাৰ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ বহুকেইগৰাকী জ্যেষ্ঠ বিষয়ববীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী সকল আৰু বিধায়ক সকলৰ লগতে দলীয় কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে।