নিউজ ডেস্কঃ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ ৯,২১২ টা পদত নিযুক্তিৰ পৰীক্ষাত তামিলকে ধৰি আন আঞ্চলিক ভাষাসমূহ অন্তর্ভুক্ত দাবী জনাইছে তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে।

অৰ্ধসামৰিক বাহিনীয়ে উল্লেখিত পদসমূহৰ কম্পিউটাৰ বেছড পৰীক্ষাত হিন্দী আৰু ইংৰাজী ভাষাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। যিটো সিদ্ধান্তক মুখ্যমন্ত্রী ষ্টেলিনে এক পক্ষীয় সিদ্ধান্ত বুলি কৈছে।

যাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে তামিলকে ধৰি আন আঞ্চলিক ভাষাসমূহটো পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী জনাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ এখন পত্র লিখিছে।

তেওঁ পত্ৰত যু্ক্তি দৰ্শাই লিখে যে, হিন্দী ভাষাৰ ২৫ নম্বৰৰ বিশেষ পৰীক্ষাৰ লাভালাভ কেৱল হিন্দীভাষী শিক্ষাৰ্থীৰহে হ’ব।

মুখ্যমন্ত্ৰী ষ্টেলিনে পত্ৰখন টুইট কৰি লিখে যে, CRPF India য়ে কেৱল ইংৰাজী আৰু হিন্দী ভাষাত CBT পৰীক্ষা পৰিচালনা কৰিবলৈ লোৱা বাবে যি অধিসূচনা জাৰি কৰিছে সেইয়া বৈষম্য আৰু অ-হিন্দী ভাষী ৰাজ্যবোৰৰ বাবে সুযোগৰ অসমতা দেখা গৈছে। মই মাননীয় অমিত শ্বাহক তামিল আৰু অন্যান্য ৰাজ্যিক ভাষা অন্তৰ্ভুক্ত কৰিবলৈ অধিসূচনাটো তৎক্ষণাৎ সংশোধন কৰিবলৈ অনুৰোধ জনাইছো।

উল্লেখযোগ্য যে, উক্ত মুঠ পদসমূহৰ ভিতৰত ৫৭৯ টা পদত তামিলনাডুৰ প্ৰাৰ্থীক মকৰল কৰা হ’ব।

লগতে পঢ়ক – হিমন্ত বিশ্ব শৰ্মাৰ ভাবুকি, ১৪ এপ্ৰিলৰ পিছত দিয়া হ’ব ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply