শিৱসাগৰ : ‘ভাৰতীয় সনাতন সভ্যতা আৰু সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হৈছে যােগ। জীৱন শৈলীক সুস্থ আৰু সুন্দৰৰূপত গঢ়ি তােলাৰ লগতে মানসিক প্রশান্তিৰ বাবে যােগাভ্যাসৰ যি পৰম্পৰা, সেই পৰম্পৰাই আজি বিশ্ব সম্প্রদায়ৰ বাবে আশীর্বাদ স্বৰূপ হৈ পৰিছে। যােগ কেবল ব্যায়াম আৰু অনুশীলনৰ সমষ্টি নহয়, যােগ হৈছে মানসিক সক্ষমতা আৰু সুস্বাস্থ্য লাভৰ এক সুগম পথ। সেইবাবে পাঁচ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা, সংস্কৃতিৰ এক উত্তম ফচল হিচাপে আজি সমগ্র বিশ্ববাসীয়ে যােগৰ মহত্ব আৰু গুৰুত্ব উপলব্ধি কৰিবলৈ সক্ষম হৈছে।’ ‘আজাদী কা অমৃত মহােৎসৱ আৰু অহা ২১ জুনত উদযাপিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যােগ দিৱসৰ সৈতে সংগতি ৰাখি আজি শিৱসাগৰ জিলাৰ ঐতিহাসিক শিৱ দৌল প্ৰাংগণত অনুষ্ঠিত যােগ উৎসৱত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শমইি এইদৰে কয়। যােগ উৎসৱৰ এই অনুষ্ঠান শিৱসাগৰত আয়ােজিত কৰাৰ লগতে যােগৰ জনপ্ৰিয়কৰণৰ বাবে কেন্দ্রীয় আয়ুষ দপ্তৰৰ মন্ত্রী সর্বানন্দ সােণােৱালে গ্রহণ কৰা ভূমিকা প্রশংসা কৰি মুখ্যমন্ত্রী ড° হিমন্ত শৰ্মাই কয় যে প্রধানমন্ত্রী হিচাপে কার্যভাৰ গ্ৰহণ কৰাৰ পিছতে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে যােগক বিশ্ববাসীৰ সন্মুখত তুলি ধৰাৰ বাবে দৃঢ়তাৰে পদক্ষেপ গ্রহণ কৰে।
মুখ্যমন্ত্ৰীয়ে কয় যে প্রধানমন্ত্ৰীৰ আহ্বানৰ প্রতি সঁহাৰি জনাই ২০১৪ চনৰ ১১ ডিচেম্বৰত ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদে ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যােগ দিৱস হিচাপে ঘােষণা কৰে। এই পদক্ষেপে ভাৰতীয় সভ্যতা সংস্কৃতিক মান্যতা প্ৰদান কৰাৰ লগতে ভাৰতে বিশ্ব গুৰুৰ আসনত অধিষ্ঠিত হােৱাৰ দিশত এক শক্তিশালী খােজ পেলােৱাত সহায় কৰিছে। গীতাত চিত্ত স্থিৰ কৰিবলৈ যােগৰ মহত্ত্বৰ কথা কৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে নিয়মিত যােগাভ্যাসে চিত্ত স্থিৰ কৰাত সহায় কৰে। ভাৰতীয় ঋষি-মুনিসকলে কেইবা হাজাৰ বছৰ পূর্বে বিবিধ পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে শ্বাস-প্রশ্বাস আৰু অংগ সঞ্চালনৰ দ্বাৰা শৰীৰৰ পেশীসমূহ সৱল কৰি সুস্বাস্থ্য আৰু দীর্ঘায়ু লাভৰ পৰামর্শ দি গৈছে। এই মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে পঞ্চদশ শতিকাতে যােগাভ্যাসৰ গুৰুত্ব আৰু মহত্ব সম্পর্ক দর্শন দি গৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। কৈশােৰ কালত মহাপুৰুষ শংকৰদেৱে যি শৌর্য, বীর্য, শক্তি তথা মেধাৰ পৰিচয় দিছিল, সেইখিনি এজন যােগীৰ বাবেহে সম্ভৱ বুলি মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ লগতে উল্লেখ কৰে যে অংকীয়া নাট, ভাওনা, সত্ৰীয়া নৃত্যৰ মুদ্রা সমুহতাে যোগাসনৰ ভংগীমা দেখিবলৈ পােৱা যায়। শংকৰদেৱে দি যােৱা আদৰ্শৰ জৰিয়তে যুৱ প্রজন্ম সুস্বাস্থ্যৰ অধিকাৰী হৈ কঠোৰ শ্ৰম কৰাৰ মানসিকতা আহৰণ কৰিব লাগিব বুলি তেওঁ কয়।
মুখ্যমন্ত্রীয়ে কয় যে যােগাভ্যাস, প্রাণায়াম আৰু আয়ুর্বেদত উল্লেখিত কিছুসংখ্যক খাদ্যই যে আমাৰ শৰীৰৰ ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধি কৰিব পাৰে, সেই কথা বিশ্বই পুনৰবাৰ উপলব্ধি কৰিবলৈ বাধ্য হৈছে। সেয়েহে যােগ দিৱসৰ প্ৰাসংগিকতাও দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে। তেওঁ লগতে কয় যে যােগ হ’ল শৰীৰ আৰু আত্মাৰ মিলন সাধনেৰে প্রাকৃতিকভাৱে সকলাে দিশতে উৎকর্ষতা লাভ কৰা এক সবল প্রক্রিয়া। যােগে প্রাণ সঞ্চাৰ কৰে, মন আৰু শৰীৰ সন্তুলিত কৰি সকলােকে আধ্যাত্মিকভাবে সবল কৰি সকলাে দিশতে ইতিবাচক দৃষ্টিভংগীৰ উন্মেষ ঘটায়। তদুপৰি মুখ্যমন্ত্রীয়ে কয় যে যােগৰ লগত ধৰ্মৰ সম্পর্ক নাই। যােগ হ’ল শাৰিৰীক, মানসিক আৰু আধ্যাত্মিক যােগসূত্র স্থাপনৰ মাধ্যম।।আধুনিক সভ্যতাৰ বিভিন্ন মানসিক চাপসমূহৰ সৈতে সহজতে মােকাবিলা কৰাত যােগে উত্তম প্ৰতিৰােধ ক্ষমতা গঢ়ি তােলাত সহায় কৰে বুলি মুখ্যমন্ত্রীয়ে কয়। তেওঁ লগতে কয় যে যোগ আৰু সুখৰ মাজত এক অপূর্ব সম্বন্ধ আছে। মানুহ সুখী হােৱাৰ ক্ষেত্ৰত যােগে বিধান দিয়ে। যােগ হৈছে এক বিজ্ঞান। সেইবাবেই ইয়াৰ বিশ্বব্যাপি সার্বজনীনতা সম্ভৱ হৈ পৰিছে। আয়ুষ মন্ত্রণালয়ে আন্তঃৰাষ্ট্ৰীয় যােগ দিৱসৰ পূর্বে সমগ্ৰ দেশতে যােগক অধিক জনপ্রিয়কৰণৰ বাৰে লােৱা পদক্ষেপ নিতান্তই প্রশংসনীয় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজি বিশ্ব সম্প্রদায়ে যােগৰ গুৰুত্ব আৰু মহত্ব উপলব্ধি কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষত যােগক অধিক গুৰুত্ব প্রদানৰ সময় আহি পৰিছে।
নতুন প্রজন্মক সুস্থভাৱে গঢ় দিব নােৱাৰিলে এখন শক্তিশালী ৰাষ্ট্ৰ আৰু এখন শক্তিশালী। ৰাজ্য গঠন কৰিব নােৱাৰি বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ বাবে যুৱ প্ৰজন্মৰ মানসিক আৰু শাৰীৰিক বিকাশ সাধন কৰিব লাগিব। তেতিয়াহে উন্নয়ন প্রক্রিয়াটো অধিক তৃৰান্বিত হ’ব। মুখ্যমন্ত্ৰীয়ে অভিভাৱক সকলক নিজৰ সন্তানৰ সন্মুখত নিয়মিতভাৱে যােগৰ অনুশীলনৰ অভ্যাস গঢ়ি তােলাৰ আদর্শ স্থাপন কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে ভাৰতীয় সংস্কৃতিৰ শক্তিশালী এই সম্পদৰ গুৰুত্ব বিজুৰি তুলি ধৰাৰ দায়িত্ব উঠি অহা প্ৰজন্মই বহন কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰীসকলক যােগক জীৱনৰ অংগ হিচাপে গ্ৰহণ কৰাৰ মানসিকতা গঢ়িবলৈও আহ্বান জনায়।
লগতে পঢ়ক – ১৩ মে’ৰ পৰা ঢকুৱাখানাৰ ম’হঘূলি চাপৰিত অনুষ্ঠিত হ’ব ঐতিহাসিক ফাট বিহু
আজিৰ অনুষ্ঠানত মুখ্যমন্ত্রী বিশিষ্ট অতিথিসকলৰ সৈতে যােগাভ্যাসতাে অংশ লয়।
কেন্দ্রীয় আয়ুষ মন্ত্রণালয়ৰ বিশেষ সচিব প্রমােদ কুমাৰ পাঠকে আদৰণি ভাষণ প্রদান কৰা যােগ উৎসৱৰ কাৰ্যসূচীত কেন্দ্রীয় আয়ুষ দপ্তৰৰ মন্ত্রী সর্বানন্দ সােণােৱাল, কেন্দ্রীয় আয়ুষ দপ্তৰৰ ৰাজ্যিক মন্ত্রী ডাঃ মহেন্দ্র মুঞ্জাপাৰা আৰু অসম চৰকাৰৰ স্বাস্থ্য মন্ত্রী কেশৱ মহন্তইও ভাষণ প্রদান কৰে। আজিৰ এই অনুষ্ঠানত কেন্দ্রীয় চৰকাৰৰ তেল আৰু প্রাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ শিক্ষা মন্ত্রী ডাঃ ৰণােজ পেণ্ড, ৰাজহ মন্ত্রী যােগেন মহন, সাংস্কৃতিক বিভাগৰ মন্ত্রী বিমল বৰা, ছিক্কিম চৰকাৰৰ স্বাস্থ্য মন্ত্রী ডাঃ মণিকুমাৰ শৰ্মা, অৰুণাচল প্রদেশ চৰকাৰৰ স্বাস্থ্য মন্ত্রী আল’ লিং, যােৰহাট লােকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, নাগালেণ্ডৰ ৰাজ্য সভাৰ সাংসদ এছ ফাংনন কন্যাক, বিধায়কসকল ক্রমে প্রশান্ত ফুকন, চক্ৰৰ গগৈ, তৰংগ গগৈ, সুশান্ত বৰগােহাই আৰু ধর্মেশ্বৰ কোঁৱৰে উপস্থিত থাকি যােগাভ্যাসত অংশ লয়। যােগ উৎসৱৰ যােগাভ্যাস কাৰ্যসূচীৰ সঞ্চালন কৰে মােৰাৰজী দেশাই ৰাষ্ট্ৰীয় যােগ প্রতিষ্ঠান সঞ্চালক ড” ঈশ্বৰ ভি বাসৱা ৰেড্ডীয়ে।