নিউজ ডেস্ক- আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়া জিলাৰ মাকুমত নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। তেওঁ লগতে স্বাস্থ্য বিভাগ, লোকনিৰ্মাণ বিভাগ আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ কামৰ অগ্ৰগতিৰ বুজ লয়।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীগৰাকীয়ে  চিকিৎসা মহাবিদ্যালয়খন নিৰ্মাণকাৰ্য ত্ৰুতিবিহীনভাৱে আৰু দ্ৰুততাৰে সম্পন্ন কৰাৰ ক্ষেত্ৰত যাবতীয় নিৰ্দেশনা প্ৰদান কৰে। চিকিৎসা মহাবিদ্যালয়খনক স্বীকৃতি প্ৰদানৰ অৰ্থে ৰাজ্য চৰকাৰে চলিত বৰ্ষত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ ওচৰত আবেদন জনাব সেয়েহে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসালয় আৰু আনুসংগিক নিৰ্মাণকাৰ্য অহা ১০ ছেপ্তেম্বৰৰ আগেয়ে সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।

আনহাতে ২০২৪ চনৰ মাৰ্চ মাহৰ ভিতৰত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় সম্পূৰ্ণভাৱে নিৰ্মাণ হৈ উঠিব।

এই পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীৰ সৈতে অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী সঞ্জয় কিষান, মাননীয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, মাননীয় বিধায়কসকল সুৰেণ ফুকন, ৰূপেশ গোৱালা আৰু তৰংগ গগৈকে ধৰি ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply