নিউজ ডেস্ক: অহা ১৬ জুলাইৰ পৰা সমষ্টি ভিত্তিত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ তথা অসম চাহ শ্রমিক আদিবাসী কল্যাণ সমিতি বিভাগে যুটীয়াভাৱে মুখ্যমন্ত্রী চাহ জনগোষ্ঠী আৰু আদিবাসী ২০২২-২৩ বৰ্ষৰ ফুটবল প্রতিযোগিতা অনুষ্ঠিত কৰিব । প্রতিযোগিতাখন ১৯ বছৰ অনূর্ধ্ব ল’ৰাৰ বাবে আয়োজন কৰা হ’ব ।

তিনিচুকীয়া জিলাত জিলা ক্রীড়া বিষয়াৰ উদ্যোগত এই প্রতিযোগিতা জিলাৰ ৬টা সমষ্টিত অনুষ্ঠিত হ’ব। সমষ্টি ভিত্তিত তিনিচুকীয়া জিলা ক্রীড়া বিষয়া কার্যালয় বিষয়ববীয়াসকলৰ লগত যোগাযোগ কৰি সমষ্টিসমূহক চাহ বাগিচাৰ দলসমূহক ১৩ জুলাইৰ ভিতৰত যোগদান নিশ্চিত কৰিবলৈ তিনিচুকীয়া জিলাৰ ক্ৰীড়া বিষয়া কৌশিক ৰাজখোৱাই আহ্বান জনাইছে।

উক্ত ৬টা সমষ্টি হবলগীয়া খেলসমুহ শদিয়া , ডুমডুমা, তিনিচুকীয়া, মাৰ্ঘেৰিটা, ডিগবৈ আৰু চাবুৱাত অনুষ্ঠিত হ’ব ।

খেলত অংশগ্ৰহন কৰিবৰ বাবে শদিয়া সমষ্টিৰ বাবে সঞ্জয়মণি বৰুৱা (৭০০২০১৩০৬১), ডুমডুমাত মনোজ তালুকদাৰ (৯৩৬৫৪০২৫২৬), তিনিচুকীয়াৰ বাবে অৰবিন্দ ফুকন (৭০০২২৯৮০৯৯), মাৰ্ঘেৰিটাৰ বাবে ছত্রপতি বৰগোহাঁই আৰু অমৃতপাল সিং (৯৮৫৯৭৮৪৫৩২), ডিগবৈৰ বাবে প্ৰাঞ্জল হাজৰিকা (৭০০২৭৭৮৭৫৯) আৰু চাবুৱাৰ বাবে অমন গগৈ (৯৪৩৫৩৩৬৫৭০) নম্বৰত যোগাযোগ কৰিব পাৰিব ।

লগতে পঢ়ক: ২১ জুলাইত ভাৰতলৈ আহিব শ্ৰী লংকাৰ ৰাষ্ট্ৰপতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply