গুৱাহাটী : গ্রেপ্তাৰ হােৱা চাকৰিপ্ৰাৰ্থীসকলক শীঘ্ৰে মুকলি কৰাৰ বাবে যথাযথ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নির্দেশ মুখ্যমন্ত্ৰীৰ। সমগ্র বিষয়টো মানৱীয়তাৰ দৃষ্টিভংগীৰে ল’বলৈ মুখ্যমন্ত্ৰীৰ আদেশ।
যােৱা ১৯ এপ্রিলত অসম আৰক্ষীৰ মুখ্য কার্যালয়ৰ সন্মুখত আৰক্ষী নিযুক্তি পৰীক্ষাৰ ফলাফল শীঘ্ৰে ঘােষণা কৰিবলৈ দাবী জনাই ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আৰক্ষীৰ হাতত গ্রেপ্তাৰ হােৱা ৩৬ গৰাকী চাকৰিপ্ৰাৰ্থীৰ বিষয়টো মানৱীয়তা তথা সহানুভূতিৰ দৃষ্টিভংগীৰে বিবেচনা কৰি তেওঁলােকৰ মুকলিৰ বাবে যথাযথ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক নির্দেশ দিছে।
উল্লেখ্য যে গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰসঞ্চালক প্রধান কার্যালয়ৰ সন্মুখত পৰীক্ষাৰ ফলাফল শীঘ্ৰে ঘােষণা কৰাৰ দাবীৰে ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ পৰিপ্ৰেক্ষিতত ৩৬ গৰাকী চাকৰিপ্ৰাৰ্থীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল।
লগতে পঢ়ক – গুৱাহাটী হাফ মাৰাথনত ১৫০০ ৰো অধিক লোকৰ অংশগ্ৰহণ
পৰৱৰ্তী সময়ত তেওঁলােকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে সমগ্র বিষয়টোত হস্তক্ষেপ কৰি এই চাকৰিপ্রার্থীসকল যাতে শীঘ্ৰে মুকলি হয় সেই দিশত যথাযথ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নির্দেশ দিছে।