নিউজ ডেস্কঃ আৰক্ষীৰ জিম্মাত অন্ত পৰাত ডাঃ সংগীতা দত্তক আজি আদালতত হাজিৰ কৰোৱা হয়। আদালতে সংগীতা দত্তক ন্যায়িক জিম্মাত প্ৰেৰণ কৰে। ইয়াৰ লগে লগে শিশু নিৰ্যাতনকাৰী অভিযুক্ত হিচাপে সংগীতাক জেললৈ প্ৰেৰণ কৰা হৈছে।
তোলনীয়া সন্তানক নিৰ্যাতন চলোৱাৰ অভিযোগত অৰ্থাৎ POCSO আইনৰ অধীনত বৰ্তমান সংগীতা দত্তৰ স্বামী ৱালিউল ইছলামো কাৰাগাৰতে আছে।
উল্লেখ্য যে, সংগীতা দত্ত আৰু ৱালিউল ইছলামে তোলনীয়া সন্তানক ঘৰৰ ছাঁদত বান্ধি থোৱা দৃশ্য কেমেৰাত বন্দী কৰি স্থনীয় লোকে আৰক্ষীক দৃষ্টিগোচৰ কৰিছিল। ইয়াৰ পিছতে প্ৰথমে ৱালিউল ইছলামক আৰু পিছত সংগীতা দত্তক আটক কৰে।
প্ৰথম অৱস্থাত সংগীতা দত্তয়ে এই সকলোবোৰ অভিযোগ মিছা বুলি কৈছিল যদিও আৰক্ষীৰ হাতত ঘৰৰ চিচি টিভি কেমেৰাত বন্দী হৈ থকা দৃশ্যৰ পৰাই সকলো কথা পোহৰলৈ আহে।
লগতে পঢ়ক – ডিজিপিৰ অনুমতি অবিহনে সংবাদ মাধ্যমৰ আগত ভাষ্য দিব নোৱাৰিব আৰক্ষীয়ে