গুৱাহাটী : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছে এক ৰহস্যজনক ঘটনা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা সন্ধানহী এটি শিশু। শিশুটি চিকিৎসাধীন হৈ আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত।

বুধবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা ৰহস্যজনকভাৱে এটি শিশু সন্ধনহীন হয়। প্ৰিয়ম কলিতা নামৰ ৮ মহীয়া শিশুটি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত সন্ধনহীন হয়। শিশুটি কিডনী ৰোগত আক্রান্ত হৈ আছিল।

পুৱাৰ ভাগৰ পৰা শিশুটি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ শিশু ৱাৰ্ডৰ পৰা সন্ধানহীন হৈ আছে। শিশুটি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ শিশু ৱাৰ্ডৰ পৰা ৰহস্যজনকভাৱে সন্ধনহীন হোৱাৰ পিছৰে পৰা হাহাকাৰ লাগিছে।

লগতে পঢ়ক – ১২ গৰাকীকৈ নৱনিযুক্ত সহকাৰী অধ্যাপকক নিযুক্তি পত্ৰ বিতৰণ

সন্ধনহীন হোৱা প্ৰিয়ম কলিতা হাজোৰ কলিতাকুছিৰ নৱ কলিতা আৰু বিজু কলিতাৰ সন্তান। শিশুটি কেনেকৈ সন্ধনহীন হ’ল ইয়াকে লৈ পৰিয়ালটো উদ্বিগ্ন হৈ পৰিছে। ঘটনা সংক্রান্তত শিশুটিৰ পৰিয়ালে ভঙাগড় আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply