সুদীৰ্ঘ ৬০ বছৰৰ পিচত বিগত বৰ্ষত প্ৰথমবাৰলৈ চীনত জনসংখ্যা হ্ৰাস পাইছিল। চীনত ২০২২ চনত জন্ম হৈছিল ৯৫ লাখ শিশুৰ। ২০২১ চনত দেশখনত জন্ম হৈছিল ১.৬২ কোটি শিশুৰ। ৰাষ্ট্ৰীয় পৰিসংখ্যা বিভাগৰ তথ্য মতে চীনত ২০২১ চনত জন্মৰ হাৰ আছিল ৭.৫২ শতাংশ। কিন্তু ২০২২ চনত সেইয়া হ্ৰাস পাই হয়গৈ ৬.৬৭ শতাংশ।
১৯৪৯ চনৰ পিচত প্ৰথমবাৰলৈ অৱনমিত হৈছে চীনৰ জনসংখ্যা। বিগত বৰ্ষত চীনৰ জনসংখ্যা আছিল ১.৪১২৬ বিলিয়ন। সেয়া বিগত বৰ্ষত হ্ৰাস পাই হয়গৈ ১.৪১১৮ বিলিয়ন।
অৱশ্যে, ইয়াৰ সৈতে আন এটা কথাও মন কৰিব লাগিব যে বিগত ৩টা বৰ্ষ চীনৰ বাবে আছিল প্ৰচণ্ড প্ৰত্যাহ্বানমূলক। ক’ভিডে এফালৰ পৰা ধ্বংসলীলা চলাই আহিছিল দেশখনত। এনে পৰিস্থিতত মৃত্যু হৈছিল সহস্ৰাৱধিক লোকৰ।
ইয়াৰ ওপৰিও এনে পৰিস্থিতিত দেশখনত নতুন সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰাও আছিল সাম্ভাৱ্য বিপদৰ প্ৰতি এটি নৱজাতকক ঠেলি পঠিওৱা। তেনে কাৰণতো হ্ৰাস হ’ব পাৰে চীনৰ জনসংখ্যা।