গুৱাহাটী : চিটি বাছৰ অভাৱে অতিষ্ঠ কৰিব আজি মহানগৰবাসীক। মহানগৰীত আজি চিটি বাছ নচলোৱাৰ সিদ্ধান্ত গ্ৰহন কৰিছে চিটি বাছ সন্থাই। পৰিবহন বিভাগৰ ওপৰত অসন্তুষ্ট হৈ আজি মহানগৰীত চিটি বাছ নচলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চিটি বাছ সন্থাই।

পুৱাৰ ভাগৰে পৰা মহানগৰী চৰকাৰী চিটি বাছ সমূহত দেখিবলৈ পোৱা যায় যাত্ৰীৰ ভিৰ। পান জপা দি চৰকাৰী চিটি বাছ সমূহত যাত্ৰী নিয়া দেখিবলৈ পোৱা যায়। কাৰণ আজি মহানগৰীত ব্যক্তিগত চিটি বাছ সমূহ চলা নাই। পৰিবহণ বিভাগৰ ওপৰত ক্ষুণ্ণ হৈ আজি ব্যক্তিগত চিটি বাছ নচলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চিটি বাছ সন্থাই।

লগতে পঢ়ক – কমনৱেলথ গেমছৰ ইতিহাস কিমান পুৰণি জানো আহক

উল্লেখ্য যে মহানগৰীত চলা চিটি বাছ সমূহৰ নিৰ্ধাৰিত চিটি বাছ অৱস্থান নথকাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যি সমূহ চিটি বাছ অৱস্থান আছে সেই সমূহত অন্যান্য বাহন পাৰ্কিং কৰি ৰখাত চিটি বাছ সমূহ অসুবিধাৰ সন্মুখীন হয়। ইফালে যদি চিটি বাছ সমূহ নিৰ্ধাৰিত চিটি বাছ অৱস্থানৰ পৰা অলপ আঁতৰত চিটি বাছ ৰখালে পৰিবহন বিভাগে জৰিমনা বিহে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,878 other subscribers

Leave a comment

Leave a Reply