নিউজ ডেস্ক: গুৱাহাটীৰ এটি ৮ বছৰীয়া কণমানিয়ে গঢ়িলে বিশ্ব অভিলেখ। নাম ৰিয়াঞ্চ ছোমানি। ৮ বছৰ বয়সতে ৰিয়াঞ্চে মাত্ৰ ১ মিনিট ৪৯ ছেকেণ্ড আৰু ১৭ নেনো ছেকেণ্ডত ১৯৫ খন দেশৰ ৰাষ্ট্ৰীয় পতাকা চিনাক্তকৰণেৰে বিশ্ব অভিলেখ গঢ়ি গ’ল্ডেন বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতি লাভ কৰিছে । ‘ফাষ্টেষ্ট ৰিক’গনিচন অব্ নেচনেল ফ্লেগছ’ৰ প্ৰমাণপত্ৰ লাভ কৰিছে ছাত্ৰগৰাকীয়ে ।

উল্লেখ্য যে ৰিয়াঞ্চে ইয়াৰ পূৰ্বে ৭ বছৰ বয়সত ৫ মিনিটত ৩×৩ ৰুবিক কিউবত ৪৬ খন দেশৰ পতাকা উপস্থাপন কৰি ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছ আৰু এছিয়া বুক অব্ ৰেকৰ্ডছত নিজৰ নাম অন্তভুক্ত কৰিবলৈ সক্ষম হৈছিল।

মহানগৰীৰ সংস্কৃতি দা গুৰুকুল স্কুলৰ ছাত্ৰ ৰিয়াঞ্চ ছোমানি। ইমান কম বয়সতে নিজৰ নাম বিশ্ব ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা ৰিয়াঞ্চ হৈছে গুৱাহাটী নিবাসী সীমা ছোমানি আৰু বৰুণ ছোমানিৰ পুত্ৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply