নাগৰবেৰা : প্ৰচণ্ড মাৰপিটৰ ঘটনা। মোমায়েক আৰু ভাগিনৰ মাজত এই প্ৰচণ্ড মাৰপিট। মাৰপিটৰ ঘটনাত ৩ গৰাকীকৈ পুৰুষ-মহিলা গুৰুত্বৰভাৱে আহত। আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ।
কামৰূপ জিলাৰ নাগৰবেৰাত এক প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। মোমায়েক আৰু ভাগিনৰ দুই ফৈদৰ মাজত সংঘটিত হৈছে এই প্ৰচণ্ড মাৰপিটৰ ঘটনা। নাগৰবেৰাৰ কল্যানপুৰত সংঘটিত হৈছে এই ঘটনা।
ছাগলীয়ে তামোল গছৰ পুলি খোৱাক কেন্দ্ৰ কৰি মোমায়েক আৰু ভাগিনৰ মাজত সংঘাতৰ সৃষ্টি হয়। শ্বাহাদুল ইছলাম নামৰ এজন লোকে ভগ্নী আৰু ভাগিনৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগ।
লগতে পঢ়ক – উত্তৰ-পূবৰ বানপীড়িত এলেকাসমূহলৈ বিনামূলীয়াকৈ সাহায্য সামগ্ৰী পৰিবহন কৰিব ৰেলবিভাগে
শ্বাহাদুল ইছলামৰ আক্ৰমণত ভগ্নী অৰফুল বেওৱা, ভাগিন ছামাদ আলী আৰু ৰহিম আলী আহত হয়। আহত সকলোকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য।