নগাঁও : দুখন শিক্ষানুষ্ঠানৰ ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিট। নগাঁৱত দুখন শিক্ষানুষ্ঠানৰ ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিট। এই মাৰপিটৰ ঘটনাত আহত হৈছে তিনিজনকৈ ছাত্ৰ। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠি চালনা কৰে।

বৃহস্পতিবাৰে নিশা নগাঁৱত দুখন দুখন শিক্ষানুষ্ঠানৰ ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। নগাঁৱৰ পানীগাঁও চাৰিআলিত সংঘটিত হয় এই মাৰপিটৰ ঘটনা। নগাঁও পলিটেকনিক আৰু নগাঁও আইটিআইৰ ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিট লাগে নিশাৰ ভাগত।

জানিব পৰা মতে নগাঁও আইটিআইৰ বিকাশ বৰদলৈ নামৰ এজন ছাত্ৰক নগাঁও পলিটেকনিকৰ ছাত্ৰই প্ৰহাৰ কৰে। ইয়াৰ পিছতে নগাঁও আইটিআইৰ বহু ছাত্ৰ ঘটনাস্থলীত উপস্থিত হয় আৰু দুয়ো পক্ষৰ মাজত আৰম্ভ হয় প্ৰচণ্ড মাৰপিট।

দুয়ো পক্ষৰ মাৰপিটত দেৱাশীষ গগৈ আৰু অৰিন্দম গগৈ নামৰ দুজন ছাত্ৰ আহত হয়। ইয়াৰ পিছত ছাত্ৰ সকল ইটাচালি আৰক্ষী চকীত উপস্থিত হৈ এক উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply