কমাৰগাঁও : গোলাঘাট জিলাৰ খুমটাইৰ মলুৱাহাবি গাঁৱৰ মনি নায়ক আৰু ডিম্ব নায়কৰ কন্যা মলুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী পদুমী নায়ক বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকা অৱস্থাতে নিৰুদ্দেশ হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰে বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকা ছাত্ৰী গৰাকী ঘৰ আহি নোপোৱাত পৰিয়ালটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰিছে যদিও বৰ্তমানলৈকে কোনো সম্ভেদ পোৱা নাই ছাত্ৰী গৰাকীৰ৷ ইফালে পৰিয়াল লোকে ঢেকীয়াল আৰক্ষী চকীত পদুমী নায়কৰ নিৰুদ্দেশ সন্দৰ্ভত এখন লিখিত এজাহাৰ দাখিল কৰিছে৷

লগতে পঢ়ক –  ডিমৰীয়াত মন্ত্ৰী পীযুষ হাজৰীকাৰ আদৰ্শ অঙ্গনবাড়ী, অমৃত সৰোবৰৰ কাম-কাজ পৰিদৰ্শন

ঢেকীয়াল আৰক্ষীয়েও ছাত্ৰী গৰাকীৰ সম্ভেদ উলিয়াবলৈ তদন্ত অব্যাহত ৰাখিছে যদিও ছাত্ৰী গৰাকীৰ সন্ধান উলিয়াব পৰা নাই। স্কুলৰ ইউনিফৰ্মত সন্ধানহীন হোৱা ছাত্ৰী গৰাকীৰ কোনো সদাশয় লোকে সন্ধান পালে গোলাঘাট আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ দুৰ্ভগীয়া পৰিয়ালটোৱে আহ্বান জনাইছে। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply