গোলাঘাট : ৰাজ্যত পুনৰ সংঘটিত হৈছে জঘন্য ধর্ষণকাণ্ড। গোলাঘাট জিলাত সংঘটিত হৈছে এই জঘন্য ধর্ষণকাণ্ড। এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰী ধৰ্ষণৰ বলি হৈছে গোলাঘাট জিলাত।
গোলাঘাট জিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং প্ৰেমহৰাত এগৰাকী ছাত্ৰী ধৰ্ষণৰ বলি হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এজন লম্পটে ছাত্ৰী গৰাকীক শোৱা পতিৰ পৰা উঠাই নি ধর্ষণ কৰে।
ধর্ষণকাৰী লম্পটজনৰ নাম চন্দন ঠাকুৰ বুলি জানিব পৰা গৈছে। পঞ্চম শ্ৰেণীৰ ছাত্রী গৰাকী পিতৃৰ লগত শুই থকা অৱস্থাত চন্দন ঠাকুৰে শোৱা পতিৰ পৰা উঠাই নি ধর্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰী গৰাকীৰ পৰিয়ালে।
ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে থানাত এজাহাৰ দাখিল কৰিছে। পৰিয়ালটোৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে চন্দন ঠাকুৰক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।