ছায়গাঁও : ছায়গাঁৱত শোকাবহ ঘটনা। মাছ মাৰিবলৈ গৈ নিখোজ হৈছে এজন ছাত্ৰ। ছাত্ৰজনৰ সন্ধানত আৰম্ভ হৈছে অভিযান। উদ্ধাৰ অভিযানত নামি পৰিছে এছ ডি আৰ এফ বাহিনীৰ লোক।
দক্ষিণ কামৰূপৰ ছায়গাঁৱত নদীত মাছ মাৰিবলৈ গৈ নিখোজ হৈছে এজন ছাত্ৰ। ছয়গাঁৱৰ পানীখেইটিত সংঘটিত হৈছে এই শোকাবহ ঘটনা। নিখোজ হোৱা ছাত্ৰজন দশম শ্ৰেণীৰ মানস মেধি বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক – শোণিতপুৰত চাৰিটাকৈ কাপোৰৰ গুদামত অগ্নিকাণ্ড
নিখোজ ছাত্ৰজনৰ ঘৰ ছয়গাঁৱৰ সাপৰটাৰীত। নিখোজ ছাত্ৰজনৰ সন্ধানত ইতিমধ্যে এছ ডি আৰ এফ বাহিনীয়ে অভিযান আৰম্ভ কৰিছে। বৰ্তমানলৈকে নিখোজ ছাত্ৰজনৰ কোনো সন্ধান লাভ কৰা নাই অভিযানকাৰী দলটোৱে।