নিউজ ডেস্ক: আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়াত অনুষ্ঠিত পঞ্চম জিলা উপায়ুক্ত সন্মিলনৰ দ্বিতীয়টো দিনৰ বৈঠকত অংশগ্ৰহণ কৰে।

বৈঠকত অংশগ্ৰহণৰ পূৰ্বে ১৫.৬০ কোটি টকা ব্যয়েৰে নৱনিৰ্মিত তিনিচুকীয়া সন্মিলন কেন্দ্ৰটোৰ আনুষ্ঠানিক উদ্বোধন কৰে। এই অত্যাধুনিক সা-সুবিধাসম্পন্ন এই সন্মিলন কেন্দ্ৰটোতেই দ্বিতীয়টো দিনৰ পঞ্চম জিলা উপায়ুক্ত সন্মিলনৰ বৈঠক অনুষ্ঠিত কৰা হয়।

মুখ্যমন্ত্ৰীয়ে উক্ত বৈঠকত ভাষণ প্ৰদান কৰি কেইবাটাও নতুন সিদ্ধান্তৰ কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে, এতিয়াৰে পৰা প্ৰতিটো সমষ্টিতক মাত্ৰ এটা ৰাজহ চক্ৰৰ সৈতে সংযুক্ত কৰা হ’ব।

লগতে, মুখ্যমন্ত্ৰীয়ে জনাই, উপাযুক্ত সকলক ৰাজহ, আন্তঃগাঁথনি আৰু সমাজ কল্যাণৰ বিভাগৰ এই তিনি ADC ৰ দ্বাৰা সহায় কৰা হ’ব। ইয়াৰোপৰি, উপায়ুক্ত সকলে জিলাখনত মুখ্যসচিবৰ দৰে কাম কৰিব আৰু উন্নয়নৰ মাপকাঠিৰ ওপৰত গুৰুত্ব দিব। জিলা সম্পৰ্কীয় সকলো কাম এতিয়াৰে পৰা পোনপটীয়াকৈ মন্ত্ৰালয়ে উপায়ুক্তক অৱগত কৰিব।

আনহাতে, অভিভাৱক মন্ত্ৰীসকলে জিলাখনৰ মুখ্যমন্ত্ৰী হিচাপে কাম কৰিব । এতিয়াৰে পৰা জিলা পৰ্যায়ৰ জিডিপি আৰু ফ্লেগশ্বিপ আঁচনিৰ অগ্ৰগতিৰো নিৰীক্ষণ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।

লগতে, উপায়ুক্ত সন্মিলনত অসম চৰকাৰৰ ১২খন ধ্বজাবাহী আঁচনিৰ সমগ্ৰ ৰাজ্যতে ৰূপায়ণৰ স্থিতি সন্দৰ্ভতো আলোচনা কৰা হয়।

যোৱা কালি পঞ্চম জিলা উপায়ুক্ত সন্মিলনৰ প্ৰথমটো দিনত ৰাজ্যৰ জিলাসমূহৰ উপায়ুক্তসকলক পাঁচটা গোটত বিভক্ত কৰি ৰাজ্য চৰকাৰৰ এগৰাকী মাননীয় মন্ত্ৰী আৰু এগৰাকী অতিৰিক্ত মুখ্য সচিবৰ সৈতে দিনজোৰাকৈ সমীক্ষা বৈঠক অনুষ্ঠিত হৈছিল। পুৱা ১০ বজাৰ পৰা নিশা ৯ বজালৈ চলা এই সমীক্ষা বৈঠকত গোটসমূহৰ সন্মুখত জিলা উপায়ুক্তসকলে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ সন্দৰ্ভত উপস্থাপন দাঙি ধৰে।

উল্লেখ্য যে, প্ৰতি ৬মাহৰ মূৰে মূৰে অনুষ্ঠিত হোৱা জিলা উপায়ুক্ত সন্মিলনৰ পৰৱৰ্তী সন্মিলনখন উত্তৰ লখিমপুৰত অনুষ্ঠিত হোৱাৰ লগতে আগন্তুক জুন মাহত বঙাইগাঁৱত ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলন অনুষ্ঠিত হ’ব।

আজিৰ বৈঠকত মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে মাননীয় কেবিনেট মন্ত্ৰীসকল ৰণজিৎ কুমাৰ দাস, অতুল বৰা, ইউ জি ব্ৰহ্ম, কেশৱ মহন্ত, পৰিমল শুক্লবৈদ্য, অজন্তা নেওগ, চন্দ্ৰমোহন পাটোৱাৰী, ডাঃ ৰণোজ পেগু, যোগেন মহন, সঞ্জয় কিষাণ, অশোক সিংহল, বিমল বড়া, নন্দিতা গাৰ্লোছাৰ উপৰি মাননীয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী তথা মাননীয় মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰকে ধৰি শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক – তিনিচুকীয়াত নৱনিৰ্মিত “তিনিচুকীয়া সন্মিলন কেন্দ্ৰৰ” আনুষ্ঠানিক উদ্বোধন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply