মানকাচৰ : তৃণমূল কংগ্ৰেছৰ নেতাক বিচাৰি মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ অভিযান। মানকাচৰত মনোৱাৰ হুছেইন নামৰ তৃণমূল কংগ্ৰেছৰ এজন নেতাক বিচাৰি মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ অভিযান। স্বপৰিয়ালে ঘৰ এৰি পলায়ন কৰিলে মনোৱাৰ হুছেইন নামৰ তৃণমূল কংগ্ৰেছৰ নেতাজন।
শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ তিনিজনীয়া অভিযানকাৰী দল এটা মানকাচৰত উপস্থিত হয়। শনিবাৰে দিনৰ প্ৰায় দহ হাটশিঙিমাৰীস্থিত তৃণমূল কংগ্ৰেছৰ নেতা মনোৱাৰ হুছেইনৰ ঘৰত অভিযান চলায় দলটোৱে। তৃণমূল কংগ্ৰেছৰ নেতা মনোৱাৰ হুছেইন মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ ওচৰত জিলাখনত ভূমি কেলেংকাৰী সংঘটিত হোৱাৰ এক অভিযোগ দিছিল।
তৃণমূল কংগ্ৰেছৰ নেতাজনৰ অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ দল জিলাখনত ভূমি কেলেংকাৰীৰ ওপৰত তদন্ত আৰম্ভ কৰিছে। এই সন্দৰ্ভত দলটোৱে পাঁচজন লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। ইফালে জিলাখনত ভূমি আবন্টন পোৱা লোক সকলক তৃণমূল কংগ্ৰেছৰ নেতা মনোৱাৰ হুছেইন মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ ভয় দেখুৱাই ধন দাবী কৰাৰ আন এক গুৰুত্বপূৰ্ণ অভিযোগ তথা তথ্য মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ হাতত পৰিছে।
তৃণমূল কংগ্ৰেছৰ নেতাজনক জেৰা কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই তলব কৰিছিল যদিও মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাক ফাঁকি দি পলায়ন কৰে তৃণমূল কংগ্ৰেছৰ নেতাজন। শনিবাৰে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ দলটো তৃণ কংগ্ৰেছৰ নেতাজনৰ ঘৰত অভিযান চলায় যদিও নেতাজন স্বপৰিয়ালে পলায়ন কৰাৰ তথ্য পোহৰলৈ আহিছে।
লগতে পঢ়ক – লখিমপুৰ মেডিকেল কলেজত প্ৰসূতীৰ মৃত্যু, নিলম্বন চিকিৎসক ত্ৰিনয়ন মিলিক
জানিব পৰা মতে তৃণমূল কংগ্ৰেছৰ নেতাজন প্ৰায় ২০ দিন ধৰি পালতক অৱস্থাত আছে। মুখ্যমন্ত্ৰী তদাৰকী দলটো বৰ্তমান হাটশিঙিমাৰী আৱৰ্ত ভৱনত আশ্ৰয় লৈ আছে। দেওবাৰে মানকাচৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দলটো উপস্থিত হ’ব বুলি জানিব পৰা গৈছে।