অচিৰেই গুৱাহাটী মহানগৰীত উপলব্ধ হ’ব CNG যাত্ৰীবাহী বাছ সেৱা

Guwahati: মহানগৰবাসীৰ বাবে সুখৱৰ। অচিৰেই গুৱাহাটী মহানগৰীত উপলব্ধ হ’ব CNG যাত্ৰীবাহী বাছ সেৱা। পেট্ৰ’ল-ডিজেল অবিহনে মহানগৰীত চলিব CNG বাছ। অৰ্থাৎ গেছৰ সহায়ত চলিব এই CNG বাছসমূহ।

অত্যাধুনিক টেকন’লজিসমৃদ্ধ এই বাহন প্ৰদূষণমুক্ত হোৱাৰ লগতে থাকিব শীত-তাপ নিয়ন্ত্ৰণৰ ব্যৱস্থা৷ লগতে উপলব্ধ হ’ব CCTVৰ সেৱাও৷ ইয়াৰ সমান্তৰালকৈ যাত্ৰীৰ সুৰক্ষাৰ বাবে থাকিব কেতবোৰ সা-সুবিধা৷ ইতিমধ্যে অসম চৰকাৰে অসম পৰিবহণ নিগমৰ বাছসমূহৰ পৰিৱৰ্তে উন্নতমানৰ CNG ষ্টাৰ বাছ প্ৰচলনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

প্ৰাপ্ত খৱৰ অনুসৰি, বহিঃৰাজ্যৰ পৰা ইতিমধ্যে আমদানি কৰা হৈছে ৬০খন CNG ষ্টাৰ বাছ৷ ডিচেম্বৰ মাহৰ পৰাই এই বাছসমূহ চলাচলৰ ব্যৱস্থা কৰা হব বুলি আশা কৰা হৈছে৷ অৱশ্যে ৰে’লযোগে অনাৰ পথত কোনো অজ্ঞাত ঠাইত দুষ্কৃতিকাৰীয়ে শিল নিক্ষেপ কৰাত ইয়াৰে প্ৰায় ১০-১২খন CNG বাছৰ ক্ষতিসাধন হোৱাত সেইসমূহ মেৰামতি কৰিহে চলাচলৰ সুবিধা কৰিব পৰা যাব৷ পৰৱৰ্তী সময়ত ১০০খন CNG বাছ গুৱাহাটীলৈ অনা হ’ব বুলিও এক বিশেষ সূত্ৰই জানিবলৈ দিয়ে৷

উল্লেখ্য যে, পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই যোৱা আগষ্ট মাহত শোণিতপুৰ জিলাত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত ঘোষণা কৰা অনুযায়ী ২০২৫ চনৰ পাছত ASTCৰ পৰিৱৰ্তে কেৱল ইলেক্ট্ৰিক বাছহে চলাব অসম ৰাজ্যিক পৰিবহণ নিগমে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply